আমগুৰি, 7 জুন : অসমৰ হজযাত্ৰী সকলৰ (Pilgrims travelling to Mecca Sharif) বাবে এটা ভাল খবৰ ৷ মক্কা শ্বৰীফলৈ যোৱা হজ যাত্ৰীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে এজন বিশেষ লোক ৷ এইবৰ্ষত অসমৰ পৰা যি সকল হজযাত্ৰীয়ে ইতিমধ্যে পৱিত্ৰ মক্কা শ্বৰীফলৈ ৰাওনা হৈছে আৰু যি সকল হজযাত্ৰীয়ে মক্কা শ্বৰীফলৈ যাত্ৰা কৰিবলৈ পৰিকল্পনা কৰি আছে তেওঁলোকক যিকোনো সমস্যাত সহায় কৰাৰ সিদ্ধান্ত লৈছে তেজপুৰৰ আলহাজ মৌলানা আব্দুলে (Alhaz Moulana Abdul promises help to pilgrims ) ৷
24 ঘণ্টাই হজযাত্ৰীসকলৰ সহায়ৰ অৰ্থে নিজকে সমৰ্পিত কৰাৰ প্ৰতিশ্ৰুতি আব্দুলৰ ৷ ব্যৱসায় সূত্ৰে মৌলানা আব্দুলে মক্কা শ্বৰীফত বাস কৰে ৷ মক্কা শ্বৰীফলৈ যোৱা হজযাত্ৰীসকলে যিকোনো অসুবিধাৰ সন্মুখীন হ'লে মাত্ৰ এটা ফোন কল অথবা হোৱাটচাপ কৰা মাত্ৰেই সম্পূৰ্ণ সহায় লাভ কৰিব পাৰিব ৷