অসম

assam

ETV Bharat / state

তামুলপুৰত সদৌ বিটিচি বাঙালী ফেডাৰেশ্যনৰ অৱস্থান ধৰ্মঘট - সদৌ বিটিচি বাঙালী ফেডাৰেশ্যন

বিগত ২৭ ছেপ্টেম্বৰত কোকৰাঝাৰৰ চেৰফাংগুৰীত অজ্ঞাত দুৰ্বৃত্তই প্ৰদীপ শীল নামৰ লোকজনক অপহৰণ কৰে ৷ কিন্তু আজি পৰ্যন্ত লোকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে আৰক্ষীয়ে ৷ যাৰ বাবে শুকুৰবাৰে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে

তামুলপুৰত সদৌ বিটিচি বাঙালী ফেডাৰেশ্যনৰ অৱস্থান ধৰ্মঘট

By

Published : Nov 22, 2019, 8:01 PM IST

বাক্সা, নৱেম্বৰঃ বাক্সাৰ তামুলপুৰৰ ঘগ্ৰাচকত সদৌ বিটিচি বাঙালী ফেডাৰেশ্যনৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সদৌ বিটিচিৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ বাক্সা জিলাৰ সমিতিৰ উদ্যোগত তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰিত গ্ৰহণ কৰে ধৰ্মঘট কাৰ্যসূচী । বিগত ২৭ ছেপ্টেম্বৰত কোকৰাঝাৰৰ চেৰফাংগুৰীত অজ্ঞাত দুৰ্বৃত্তই প্ৰদীপ শীল নামৰ লোকজনক অপহৰণ কৰে ৷ কিন্তু আজি পৰ্যন্ত লোকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে আৰক্ষীয়ে ৷ যাৰ বাবে শুকুৰবাৰে ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰ তামুলপুৰৰ ঘগ্ৰাচকৰ বাকৰি উত্তাল কৰি তোলে।

তামুলপুৰত সদৌ বিটিচি বাঙালী ফেডাৰেশ্যনৰ অৱস্থান ধৰ্মঘট
আনহাতে, প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপদেষ্টা শ্যামল চৰকাৰ,বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ দেবেন বড়ো আৰু বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীৰ লগতে শতাধিক পুৰুষ মহিলা।

ABOUT THE AUTHOR

...view details