বাক্সা, ২৪ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । নিৰ্বাচনক লৈ ৰাজ্যৰ নেতা-মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত আছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ, মাটি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ । তাৰ সমান্তৰালৈ বুধবাৰেও অসম চাহ মজদুৰ সংঘৰ আহ্বানত সাব্যস্ত কৰা হয় প্ৰতিবাদ ।
অসম চাহ মজদুৰ সংঘৰ আহ্বানত বুধবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নাগ্ৰিজুলী চাহ বাগিচাত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, জনজাতিকৰণ কৰা, মাটি পট্টা প্ৰদানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে ।