বাক্সা, 1 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে মঙলবাৰে তামুলপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰ সন্থাই । বিটিচি নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এঘণ্টীয়া কাৰ্যসূচীৰে ধৰ্মঘট ৰূপায়ণ কৰে ।
কা বাতিল,মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ - তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা
মঙলবাৰে বাক্সাৰ তামুলপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
কা বাতিল, মূল্যবৃদ্ধি হ্ৰাসৰ দাবীৰে তামুলপুৰত আছুৰ প্ৰতিবাদ
হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে । লগতে তেওঁলোকৰ দাবী মানি নল'লে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে কৰে প্ৰতিবাদকাৰী সকলে ।
Last Updated : Dec 1, 2020, 2:23 PM IST