অসম

assam

পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

By

Published : Jul 3, 2020, 3:42 PM IST

প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷

aasu protest at baska
পে'ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

বাক্সা, 3 জুলাই : পেট্ৰ'ল, ডিজেল, আলু পিয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তামুলপুৰ মহকুমা ছাত্ৰ সন্থাই তামুলপুৰৰ ঘগ্ৰাচ'কত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

পে'ট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত তামুলপুৰত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে পে'ট্ৰল, ডিজেল মূল্যবৃদ্ধিৰ ৰোধৰ দাবীত নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ গ' বেক, ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল'গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ তেওঁলোকে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মূল্যবৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি তেওঁৰ পদত্যাগৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : নেপালৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ এনচিপিৰ কাৰ্যবাহী সভাপতি প্ৰচণ্ডৰ

ABOUT THE AUTHOR

...view details