বাক্সা, 14 নবেম্বৰ :শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য মুছলপুৰত উপস্থিত হয় ৷ বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশনত অংশ লৈ ড৹ ভট্টাচাৰ্যই সাংবাদিকক কয় যে, অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱে মোৰ কাম ৷ দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই কাম কৰি যাম ৷ আছু আছু হৈয়ে থাকিব ৷ নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব ৷ এইটো ৰাইজে বিচৰা কথা ৷ বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল চব মিছা বুলি মন্তব্য উপদেষ্টা গৰাকীৰ ৷
ইয়াৰ লগতে তেওঁ কয় যে, ‘‘বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈ এতিয়া কৈছে টালি টোপোলা বান্ধি আহিব লাগিব ৷ অসম চুক্তিক উলংঘা কৰি কা আমাৰ ওপৰত জাপি দিছে ৷ খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘাকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক আইন এখন আমাৰ ওপৰত জাপি দিছে ৷ এই বিষয় কেতিয়াও মানি লৱ পৰা কথা নহয় ৷ চৰকাৰৰ কথা আৰু কামৰ মাজত বিৰাট পাৰ্থক্য ৷ অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি গঠন কৰিছিল ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ গৃহ মন্ত্ৰীয়ে প্ৰতিবেদনৰ দীড়ি কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল ৷ কিন্তু নকৰিলে ৷ ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য’’ ৷