বাক্সা, ২২ ফেব্ৰুৱাৰী: পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সদৌ আদিবাসী ছাত্ৰ সন্থাই । সোমবাৰে বাক্সা জিলাৰ তামুলপুৰৰ নাগ্ৰীজুলিত সদৌ আদিবাসী ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী গণ সমাৱেশৰ আয়োজন কৰে । শাসনলৈ অহাৰ পূৰ্বেই দিয়া প্ৰতিশ্ৰুতি বিজেপিয়ে পূৰণ কৰা নাই বুলি অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে । জনজাতিকৰণ, আদিবাসী লোকসকলক ভূমি পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ আদিবাসী ছাত্ৰ সন্থাই ।
সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ সৌজন্যত, নাগ্ৰীজুলি আঞ্চলিক সমিতি আৰু পূব ডেফিলি আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সংগঠনটোৰ নেতাসকলে ক্ষোভ প্ৰকাশ কৰে যে, বিগত দিনত আদিবাসী লোকসকলে বহু আশাৰে বিজেপি দলক ভোট দিছিল যদিও শাসনৰ বাঘজৰী নিজৰ হাতলৈ অহাৰ পিছতে বিজেপি চৰকাৰে তেওঁলোকক উপেক্ষা কৰিছে ।