অসম

assam

ETV Bharat / state

দুমুনীত ন্যায্য প্ৰপ্তিৰ দাবীত আছাৰ উত্তাল প্ৰতিবাদ

বাক্সা জিলাৰ দুমুনীত ন্যায্য প্ৰপ্তিৰ দাবীত আছাৰ চৰকাৰৰ বিৰূদ্ধে উত্তাল প্ৰতিবাদ ৷ "নো এছ টি নো ৰেচ", "আছা লং লিভ", আদিবাসী বনুৱাসকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক" আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

দুমুনীত ন্যায্য প্ৰপ্তিৰ দাবীত আছাৰ উত্তাল প্ৰতিবাদ
দুমুনীত ন্যায্য প্ৰপ্তিৰ দাবীত আছাৰ উত্তাল প্ৰতিবাদ

By

Published : Feb 20, 2021, 9:58 PM IST

বাক্সা,20 ফেব্ৰুৱাৰী:আদিবাসী সকলক জনজাতিকৰণ, চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা আৰু ভূমিহীন আদিবাসী সকলক ভূমিৰ পট্টা প্ৰদানৰ দাবীত শনিবাৰে ডুমুনী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ উদোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হয় ৷ প্ৰতিবাদী সকলে "নো এছ টি নো ৰেচ", "আছা লং লিভ", "বিজেপি গো বেক", "হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ", "নৰেন্দ্ৰ মোদী হুচিয়াৰ","আদিবাসী বনুৱাসকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰক" আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷ ইয়াৰ পূৰ্বে আদিবাসী ছাত্ৰ সন্থাৰ সদস্য সকলে চাইকেল সমদল কৰি চৰকাৰক ন্যায্য প্ৰদানৰ দাবী জনায় ৷

উল্লেখ্য যে ২০১৬ চনত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিবাসী সকলক তিনি মাহৰ ভিতৰত জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহন নকৰিলে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ছাত্ৰ সংগঠনটোৱে শাসনাধিষ্ঠ দলটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৷

সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসী সকলক জনজাতিকৰণ নকৰিলে বিজেপি দলক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ আছাৰ নেতৃত্বই প্ৰথমে জনজাতিকৰণ, পিছত ভোট দিবলৈ উপস্থিত প্ৰতিবাদকাৰী সকলক আহ্বান জনায় ৷

লগতে পঢ়ক:আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ জুবিনৰ আহ্বান

ABOUT THE AUTHOR

...view details