অসম

assam

ETV Bharat / state

বাক্সাৰ তামুলপুৰত আমছুৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন - তামুলপুৰত বৰনদীৰ গৰাখহনীয়া

বাক্সাৰ তামুলপুৰত উপস্থিত আমছুৰ সদস্য ৷ পৰিদৰ্শন কৰিলে গৰাখহনীয়া অঞ্চল ৷

পৰিদৰ্শন কৰিলে গৰাখহনীয়া অঞ্চল
বাক্সাৰ তামুলপুৰত আমছুৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

By

Published : Jul 21, 2020, 6:58 PM IST

বাক্সা, 21 জুলাই :আমছুৰ কেন্দ্ৰীয় প্ৰতিনিধি তথা বাক্সা জিলা প্ৰতিনিধিয়ে বাক্সা জিলাৰ তামুলপুৰত বৰনদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে ৷ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভূটানৰ কাষৰীয়া অতিকৈ দুৰ্গম অঞ্চল 2 নং দঙৰগাঁও তথা ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীয়ে অঞ্চলটোত ভয়াবহ গৰাখহনীয়াৰ সৃষ্টি কৰিছে । বিটিচি চৰকাৰৰ প্ৰত্যক্ষ সহযোগত এচাম দুষ্টচক্ৰই বৰনদীত অধিক হাৰত অবৈধ খনন কৰাৰ ফলত ভয়াবহ সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলৰ জনগন । উপস্থিত দলটোয়ে শীঘ্ৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীক উক্ত অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়াৰ বিজ্ঞানভিত্তিক প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ তথা ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

বাক্সাৰ তামুলপুৰত আমছুৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

সঁজাতী দলটোৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সহঃ সাধাৰণ সম্পাদকদ্বয় ক্ৰমে নুৰজামাল ইছলাম, নজৰুল ইছলাম, বাক্সা জিলা আমছুৰ উপদেষ্টা মইনুল হক খান, সভাপতি ছাইফুল ইছলাম, সাধাৰণ সম্পাদকদ্বয় ক্ৰমে শাহাদত হুছেইন তথা জিলা আমছুৰ উপ সভাপতি ইছলাম চৌধৰী, জিলা সমিতিৰ সহঃ সাধাৰণ সম্পাদক আবুল আহমেদ আৰু জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতা ৷

লগতে পঢ়ক :মোডীয়ে ডিঙিত গামোচা ল'লেই অসমক ভালপোৱা নুবুজাই : তৰুণ গগৈ

ABOUT THE AUTHOR

...view details