ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতাৰণা দিৱস - জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ
ভাৰত চৰকাৰৰ বিৰুদ্ধে ওদালগুৰি, বাক্সা আৰু কোকৰাঝাৰত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ ৷ বুধবাৰে ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হোৱা কোচ সকলৰ কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷
![ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতাৰণা দিৱস](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4268098-thumbnail-3x2-k.jpg)
২৮ আগষ্টৰ দিনটোত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ
নিউজডেস্ক,28আগষ্টঃ ১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হৈছিল কোচ সকলৰ কমতাপুৰ ৰাজ্য। কিন্তু ভাৰত চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰি কোচ ৰাজ্য ভাৰত বৰ্ষৰ লগত চামিল কৰিছিল সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ কৰিছে আক্ৰাছুৱে । সেয়েহে এই চুক্তি স্বাক্ষৰ কৰা দিনটোতে ওদালগুৰি, বাক্সা আৰু কোকৰাঝাৰত প্ৰতাৰণা দিৱস পালন কৰে সংগঠনটোৱে ৷ চাওক এক প্ৰতিবেদনঃ
২৮ আগষ্টৰ দিনটোত প্ৰতাৰণা দিৱস পালন আক্ৰাছুৰ