বাক্সা, 1 ফেব্ৰুৱাৰীঃবিজেপি চৰকাৰৰ বিৰুদ্ধে 3 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক আন্দোলনৰ ঘোষণা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ বাক্সা জিলাৰ বৰমাত শনিবাৰে এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সদৰি কৰে এই কথা ৷ দীৰ্ঘদিন ধৰি আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ নামত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ পিচত শাসনৰ গাদী দখল কৰি বিজেপি চৰকাৰেও জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচটো আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে ৷
2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন বিজেপিকঃ আদিবাসী ছাত্ৰ সন্থা - AAASU
চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ৷ 2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন কৰিব বিজেপি দলক ৷
2021 চনৰ পূৰ্বে জনজাতিকৰণ নকৰিলে বৰ্জন বিজেপিকঃ আদিবাসী ছাত্ৰ সন্থা
ইপিনে আদিবাসী জনগোষ্ঠীটোৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ পৰা বঞ্চিত কৰাৰ পৰিপ্ৰেক্ষিত ছাত্ৰ সন্থাটোৱে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷ অহা তিনি ফেব্ৰুৱাৰীত প্ৰতিখন জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী, বিধায়কৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিব ছাত্ৰ সন্থাটোৱে ৷ 2021 চনৰ ভিতৰত জনগোষ্ঠীটোক জনজাতিকৰণ নকৰিলে বিজেপি দলক বৰ্জন কৰিব বুলিও ভাবুকি দিয়ে সভাপতি প্ৰদীপ নাগে ৷
Last Updated : Feb 2, 2020, 3:51 PM IST