অসম

assam

ETV Bharat / state

ভুঁই ৰুবলৈ নাহিলে জৰিমনা বিহা এখন বিশেষ গাঁও ! - ভুঁই ৰুবলৈ নাহিলে জৰিমনা বিহা এখন বিশেষ গাঁও

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰী ভেৰাখাট গাঁৱত পুৰুষসকলে ভুঁই ৰুবলৈ নাহিলে ভৰিব লাগে 250 টকাকৈ আৰু মহিলাই নাহিলে ভৰিব লাগে 200 টকাকৈ জৰিমনা ৷ ত্ৰিশ বছৰ ধৰি গাঁওখনত চলি আছে এই নিয়ম ৷ এই নিয়ম মানি মঙলবাৰে গাঁওখনৰ সকলো ওলাই আহে ভুঁই ৰুবলৈ ৷

baksa-special_village
ভুঁই ৰুবলৈ নাহিলে জৰিমনা বিহা এখন বিশেষ গাঁও !

By

Published : Jul 21, 2020, 7:10 PM IST

বাক্সা, 21জুলাই:বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি অসমত সৰহ সংখ্যক লোকেই কৃষি কৰ্মৰ লগত জড়িত । ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বাক্সা জিলাৰ পুৰুষ-মহিলাসকলো ব্যস্ত হৈ পৰিছে পথাৰত ভুঁই ৰোৱাত ৷ কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰী ভেৰাখাট (চৌধুৰীখাট) গাঁৱত আছে এৰ সুকীয়া নিয়ম ৷ গাওঁখনৰ ৰাইজৰ আছে প্ৰায় আঠ বিঘা মাটি ৷

ভুঁই ৰুবলৈ নাহিলে জৰিমনা বিহা এখন বিশেষ গাঁও !

শাওন মাহৰ প্ৰথম ভাগত গাঁৱৰ আটাইয়ে মিলি ভুঁই ৰোৱাৰ এক প্ৰথা অতিজৰে পৰা চলি আছে ৷ যদি কোনো মহিলাই ভুঁই ৰুবলৈ নাহে তেন্তে ২০০ টকাকৈ জৰিমনা বিহাৰ লগতে পুৰুষসকলে ভৰিব লাগে 250 টকাকৈ ৷ প্ৰায় ত্ৰিশ বছৰ ধৰি চলি অহা এই নিয়মক মানি গাঁওখনৰ সকলো পুৰুষ-মহিলাই এইবাৰো ওলাই আহে ভুঁই ৰোবলৈ ৷ শাওনৰ চতুৰ্থটো দিনত গাঁওখনৰ সকলো পুৰুষ-মহিলা ওলাই আহি আনন্দত বোকা খেলি, ভোজ-ভাত খাই পথাৰত ভুঁই ৰোৱে ৷

অন্য এক খবৰৰ বাবে: মহৰ দ্বাৰা সংক্ৰমিত নহয় COVID-19 ৰোগ

ABOUT THE AUTHOR

...view details