বাক্সা,12 জুলাই :ৰাজ্যত প্ৰতিদিনে বিভিন্ন প্ৰান্তত চুৰি কাণ্ড সংঘটিত হৈ আহিছে ৷ একাংশই আৰ্থিক অনাতন আৰু একাংশই এলেহুৱা স্বভাৱৰ বাবে বা কোনোৱে তাগিদাত পৰি চুৰি বৃ্ত্তিত নিমজ্জিত হয় ৷ লোকৰ ধনৰে চলিবলৈ বিচৰা একাংশ লোকেও সাধৰণতে চোৰ বৃত্তিকে সহজ পন্থা হিচাপে আঁকোৱালি লয় ৷ কেতিয়াবা সুন্দৰ ভাবেই চুৰি কাৰ্য সংঘটিত কৰে আৰু কেতিয়াবা ধৰা পৰিলে ঔকিল খায় মানুহৰ পৰা ৷ কিন্তু যেতিয়া এই চুৰি কাৰ্য চৰকাৰী বিষয়াই কৰে শুনিবলৈ কেনে লাগে বাৰু ৷
এইবাৰ তেনে এক চুৰি কাৰ্যৰ সৈতে নাম সাঙোৰ খাইছে এগৰাকী কণিষ্ঠ অভিযন্তাৰ ৷ অভিযন্তা গৰাকীয়ে আকৌ কি চুৰি কৰিছে জানেনে, চিলাই মেচিন ৷ বাক্সা জিলাৰ জালাহ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল কণিষ্ঠ অভিযন্তা গৰাকী ৷ বুধবাৰে চিলাই মেচিন চুৰি কৰি থাকোতে হাতে-লোটে ধৰে ইউপিপিএলৰ কৰ্মীয়ে ৷ তাৰপাছতে সমগ্ৰ বাক্সা জিলাতে সৃষ্টি হৈছে বু-বু বা-বা ৷
অভিযোগ অনুসৰি জালাহ উন্নয়ণ খণ্ডৰ জয় দাস নামৰ কণিষ্ঠ অভিযন্তা গাকীয়ে 10 আগষ্টত কাৰ্যালয় ছুটি হোৱাৰ পাছতে বিয়লি গুদামঘৰৰ পৰা চাৰিটাকৈ চিলাই মেচিন চুৰিকৰিবলৈ লোৱাৰ সময়তে হাতে-লোটে ধৰে ইউপিপিএলৰ কৰ্মীয়ে ৷ ইউপিপিএলৰ কৰ্মী সকলে কণিষ্ঠ অভিযন্তা জনক হাতে-লোটে ধৰাৰ পাছতে প্ৰশাসনক সমগ্ৰ ঘটনাৰ বিষয় অৱগত কৰে ৷