তামুলপুৰ,29মে': লক ডাউনত জুৰুলা ৰাজ্যবাসী তেনে সময়তে স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে গোৰেশ্বৰৰ এগৰাকী মহিলাই ।যি সময়ত লক ডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ কৰ্মহীন হৈ পৰিছে সেই সময়ত গোৰেশ্বৰৰ ফুহুৰা বাৰী গাঁৱৰ কবিতা ডেকাই নিজৰ চেষ্টাৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি উপাৰ্জনৰ পথো বাচি লৈছে ৷ কোনো ধৰণৰ আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ মহিলাগৰাকীয়ে চৰকাৰী আঁচনিৰ জৰিয়তে লাভ কৰা মেচিনত সাজি উলিয়াইছে মাক্স,বেগ,মানিবেগ,মোবাইল ক'ভাৰ ৰ দৰে আৱশ্যকীয় সামগ্ৰী ৷ এই সকলোবোৰ সামগ্ৰী সাজি উলিওৱা হৈছে গামোচাৰ জৰিয়তে ৷ মহিলাগৰাকীৰ এই প্ৰচেষ্টাক এতিয়া অঞ্চলবাসী ৰাইজে শলাগ লোৱাৰ লগতে বহু মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন হৈ পৰিছে মহিলাগৰাকী ৷
স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱালে গোৰেশ্বৰৰ এগৰাকী মহিলাই
লক ডাউনত জুৰুলা ৰাজ্যবাসী তেনে সময়তে স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিছে গোৰেশ্বৰৰ এগৰাকী মহিলাই ।যি সময়ত লক ডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ কৰ্মহীন হৈ পৰিছে সেই সময়ত গোৰেশ্বৰৰ ফুহুৰাবাৰী গাঁৱৰ কবিতা ডেকাই নিজৰ চেষ্টাৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি উপাৰ্জনৰ পথো বাচি লৈছে ৷
স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুৱালে গোৰেশ্বৰৰ এগৰাকী মহিলাই