বাক্সা, 19 মেঃ হাতী খেদিবলৈ গৈ পঙ্গুত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ ডাওৰাইঝাৰ গাওঁৰ চন্দ্ৰ স্বৰ্গীয়াৰীয়ে । ২০ চেপ্টেম্বৰ ২০১৯ত হাতী খেদিবলৈ গৈ বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল লোকজন । আৰ্থিক অসুবিধাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত ব্যক্তিগৰাকী বিচনাতে দিন-ৰাতি একাকাৰ কৰি থাকিব লগীয়া হৈছে । কোনো মতে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আছিল চন্দ্ৰই । কিন্তু তেঁও এতিয়া এনেদৰে বিছনাত পৰি থকাৰ ফলত পৰিয়ালটোত হাহাকাৰ সৃষ্টি হৈ পৰিছে ।
বাক্সাত স্বামীক সুস্থ কৰিবলৈ ৰাইজলৈ কাতৰ আহ্বান পত্নীৰ - হাতী-মানুহৰ সংঘাত
বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত চন্দ্ৰ স্বৰ্গীয়াৰী নামৰ এজন লোক ৷ চিকিৎসা কৰাবৰ বাবে চৰকাৰৰ লগতে ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে পত্নীয়ে ৷

বাক্সাত স্বামীক সুস্থ কৰিবলৈ ৰাইজলৈ কৰুণ আহ্বান পত্নীৰ
বাক্সাত স্বামীক সুস্থ কৰিবলৈ ৰাইজলৈ কৰুণ আহ্বান পত্নীৰ
উপায়ন্তৰ হৈ এতিয়া চন্দ্ৰ স্বৰ্গীয়াৰীৰ পত্নীয়ে উপযুক্ত চিকিৎসা কৰাবৰ বাবে চৰকাৰৰ লগতে সদাশয় ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰিছে ৷ যাতে অসুস্থ স্বামীক উপযুক্ত চিকিৎসা কৰি পুনৰ সুস্থ কৰিব পাৰে । আনহাতে দুখৰ বিষয় যে, স্থানীয় বিধায়কৰ ওচৰলৈ গৈয়ো কোনো ধৰণৰ সহাৰি নোপোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ।