বাক্সা,29 ডিচেম্বৰ:বাক্সা জিলাৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী হৈছে সনাতন হালৈ ৷ কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰা বাক্সাৰ মনকৰ গাঁৱৰ বাসিন্দা সনাতন হালৈ প্ৰতিষ্ঠিত হৈছে তাঁতশাল নিৰ্মাতা হিচাপে ৷ প্ৰায় 35 বছৰ পূৰ্বে তাঁতশাল নিৰ্মাণত মনোনিৱেশ কৰা সনাতনে বৰমাৰ কেইগৰাকীমান তাঁতশাল ব্যৱসায়ীৰ সংস্পৰ্শলৈ আহে ৷ চাহিব আলী, মইনুল আলী আৰু মহাবীৰ জৈন নামৰ তাঁতশালৰ ব্যৱসায়ী কেইগৰাকীয়ে সহায় আগবঢ়োৱা সনাতন হালৈৰ নাই কোনো আনুষ্ঠানিক শিক্ষা ৷ ব্যক্তি কেইগৰাকীৰ সংস্পৰ্শলৈ অহা সনাতনে নিজাববীয়াকৈ আৰম্ভ কৰে তাঁতশালৰ ব্যৱসায় ৷
পূৰ্বে ঠেলা চলাই জীৱিকা নিৰ্বাহ কৰা সনাতনে পিছলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে তাঁতশালৰ ব্যৱসায়ৰ সৈতে ৷ সম্প্ৰতি সনাতনে তৈয়াৰ কৰা তাঁতশালসমূহ বিক্ৰী হৈ আহিছে মুছলপুৰ, ডুমুনী, আঠীয়াবাৰী, জালাহ আদি ঠাইত ৷ একোখন তাঁতশাল 6 হাজাৰ টকাত বিক্ৰী কৰা সনাতনে এয়া চৰকাৰে যোগান ধৰা তাঁতশালতকৈ বহুগুণে উন্নত বুলি মন্তব্য কৰে ৷ বৰ্তমান এই ব্যৱসায়ত সনাতনৰ সৈতে জড়িত হৈ আছে আন তিনিগৰাকী কৰ্মচাৰী আৰু পৰিয়ালৰ লোক ৷