বাক্সা,11 ছেপ্তেম্বৰ:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লতিবাৰী-মাজগাড়ী গাঁৱৰ সুৰঠ কাকতিৰ পুত্ৰ প্ৰণৱ কাকতিয়ে বিগত 2011 চনত গাঁৱখনৰ ৰাজেশ্বৰ দাস নামৰ এগৰাকী লোকৰ এটি গৃহ নিৰ্মাণৰ কামত ব্যস্ত থাকোতে দুৰ্ভাগ্যক্ৰমে মাটিত পৰি পিঠিৰ হাড় ভাঙে ৷ পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত যুৱকগৰাকীয়ে চিকিৎসা কৰে যদিও অৰ্থৰ অভাৱত আধাতে চিকিৎসা সামৰি কোঁচবিহাৰলৈ চিকিৎসাৰ অৰ্থে যায় ৷ কিন্তু কোঁচবিহাৰত কৰা কবিৰাজী চিকিৎসাৰ ফলত প্ৰণৱৰ ভৰি দুখনে চিৰদিনলৈ খোজকঢ়াৰ শক্তি হেৰুৱাই পেলায় ৷ সম্প্ৰতি হুইল চেয়াৰে সংগী হৈ পৰিছে প্ৰণৱৰ ৷
বাক্সাৰ প্ৰণৱক প্ৰয়োজন আপোনাৰ এধানি সহায়ৰ - প্ৰণৱ কাকতি
ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যস্ত বাক্সাৰ এগৰাকী যুৱক সম্প্ৰতি শয্যাগত ৷ গৃহ নিৰ্মাণৰ কামত ব্যস্ত থাকোতে দুৰ্ভাগ্যক্ৰমে মাটিত পৰি পিঠিৰ হাড় ভাঙিছিল প্ৰণৱ কাকতি নামৰ যুৱকগৰাকীৰ ৷ সম্প্ৰতি যুৱকগৰাকীক প্ৰয়োজন সদাশয় ৰাইজৰ ৷
প্ৰণৱক প্ৰয়োজন ৰাইজৰ সহায়ৰ
যুৱকগৰাকীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীক সাক্ষাৎ কৰি চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য বিচাৰিছিল যদিও এই কথাত কোনো গুৰুত্ব আৰোপ নকৰিলে ৷ বিগত প্ৰায় দহ বছৰে প্ৰণৱ কাকতিয়ে ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পাৰ কৰিছে এটা এটা দিন ৷ সম্প্ৰতি যুৱকগৰাকীক প্ৰয়োজন সদাশয় ৰাইজৰ ৷
লগতে চাওকঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মীৰ ৰাষ্ট্ৰীয় শ্বহীদ দিৱস উদযাপন