বাক্সা,24 জানুৱাৰীঃ বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক ৷ 13 বছৰে লোকগৰাকীয়ে বাস কৰিছে এডাল গছৰ ওপৰত ৷ মানুহজনৰ নাম বিজয় ব্ৰহ্ম৷ সৰুতে ঘাটমাউৰা হোৱা লোকগৰাকীয়ে আনৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰিছিল যদিও 13 বছৰ আগতে তেওঁ বাচি লয় এই জীৱন ৷ পাগলাদিয়া নদীৰ পাৰৰ খৈৰানীৰ পথাৰৰ মাজৰ হাবিৰ এজোপা গছৰ ফেৰেঙনিত ৰছীৰে তক্তা আৰু বাঁহ বান্ধি লৈ ১৩ বছৰ ধৰি বাস কৰি আছে এনেদৰে ৷ তেওঁ বনৰীয়া আলু,কচু, শাককে ধৰি মাছ,শামুক, কেকোৰা চিকাৰ কৰি যি পায় তাকে খায় ৷ বাস কৰা গছডালৰ তলতে বনৰীয়া আলু,কচু খেতি কৰাৰ লগতে মৌ পালন কৰিছে লোকগৰাকীয়ে ৷
বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোক ! 13 বছৰে বাস কৰিছে গছৰ ফেৰেঙনিত
13 বছৰে এজোপা গছৰ ফেৰেঙনিত বাস কৰি আছে বাক্সাৰ এগৰাকী ব্যতিক্ৰমী লোকে ৷ যাপন কৰিছে সম্পূৰ্ণভাৱে এটি নিৰ্ভেজাল প্ৰাকৃতিক জীৱন ৷
13 বছৰে বাস কৰিছে এজোপা গছৰ ফেৰেঙনিত