বাক্সা, ২ ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰতামুলপুৰৰ এন.কে. দৰঙাৰ শশিপুৰৰ গেৰেজ লাইনত মঙলবোৰে নিশা এক ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডৰ জুইত জাহ যায় এটা গেৰজৰ চাৰিখনকৈ চাৰিচকীয়া বাহন ৷
স্থানীয় লোকে সদৰি কৰা মতে কাঞ্চা অটো গেৰেজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত নিশা সংঘঠিত হয় এই অগ্নিকাণ্ড । চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । অগ্নিকাণ্ডৰ খবৰ পাই নিশাই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় ৷