বাক্সা, 9 মে' :বাক্সা জিলাত শোভা বৰ্ধন কৰিছে এটা বিশেষ গীৰ্জা ঘৰে ৷ ১৯৮৫ চনত ফাদাৰ কুলনদাই স্বামীয়ে সুদূৰ তামিলনাডুৰ পৰা আহি বাক্সা জিলাৰ বৰমা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে নিৰ্মাণ কৰিছিল এই গীৰ্জাটো ৷ বড়ো জনগোষ্ঠীয় লোক সকলৰ কৃষ্টি-সংস্কৃতিৰ অপূৰ্ব নিদৰ্শনৰ লগতে গীৰ্জাটোত দেখা যায় পূৰ্বৰ ঐতিহাসিক কছাৰী ৰাজ্য অৰ্থাৎ বৰ্তমানৰ ডিমাপুৰৰ ভগ্নাংশৰ কৃতি চিহ্ন সমূহৰ অনুৰূপ শিল্প ইয়াত দেখিবলৈ পোৱা যায় ৷
বড়ো জনগোষ্ঠী লোকৰ আদৰৰ আৰণাইৰ ফুলেৰে শিল্প-কলাৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে গীৰ্জাটোত । বৰমাত বসবাস সৰহ সংখ্যক বড়ো জনগোষ্ঠীৰ লোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে যদিও তেওঁলোকে কিন্তু জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি পাহৰি যোৱা নাই । যাৰ বাবে গিৰ্জাৰ ভিতৰত বাথৌ ধৰ্মাৱলম্বী লোকে যেনেকৈ পূজা কৰে, ঠিক তেনেকৈ মেৰীক দখনা পিন্ধাই কেঁচুৱা বোকোচাত লোৱা, জোচেফক গামোচা পিন্ধাই ৰখাৰ উপৰিও ঔ টেঙা ,খাম,চিফুং ,চেৰেজা,জোঠা, লতা ,সীজু গছ আৰু ম'হৰ মাঠা আদি সজাই থোৱা হৈছে ৷ যীশুৰ প্ৰতিমূৰ্ত্তিতো আৰনাই পিন্ধাই আশীৰ্বাদ দি থকা দেখিবলৈ পোৱা গৈছে ।