বৰমা, 13 আগষ্ট :দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে বাক্সা জিলাৰ বথৌপুৰী ইণ্ডোৰ ষ্টেডিয়ামত বৃক্ষৰোপন কৰা হয় । ৰাতিপুৱা 10 বাজি 30 মিনিটত জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷
ইফালে, বাক্সা বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া ভৱেশ চন্দ্ৰ দাসে কয় যে, জিলাখনত বৰ্তমানলৈ 4 লাখ গছপুলি ৰোপন কৰা হৈছে ।
74 সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বাক্সাত গছপুলি ৰোপন উল্লেখ্য যে, ৰাজ্যপাল জগদীশ মুখীয়ে বিটিএডিত 40 লাখ গছপুলি ৰোপন কৰাৰ নিৰ্দেশ দিয়াৰ পিচতেই বাক্সা জিলাত গছপুলি ৰোপন কাৰ্যসূচীৰ আৰম্ভ কৰা হয় ৷ পৰিৱেশ সেউজীয়া কৰি ৰখাৰ উদ্দেশ্য এই কাৰ্যসূচী হাতত লোৱা হয় ৷ সকলো ধৰণৰ চৰকাৰী নীতি-নিয়ম তথা সামাজিক দুৰত্ব মানি এই কাৰ্যসূচীৰ সফল ৰূপায়ন ঘটোৱা হয় ৷
লগতে পঢ়ক : মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ