বাক্সা, 25 জুলাইঃতামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত অভিযান চলাই উৎখাত কৰিবলৈ সক্ষম হয় এক বৃহৎ বাইক চোৰ চক্ৰ ৷ অভিযানকাৰী দলটোৱে তামুলপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা 5 খন চুৰি বাইক আৰু 4 খন স্কুটী সহ মুঠ সাত জন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে জব্দ কৰিবলৈ সক্ষম হয় চুৰি কাৰ্যত ব্যৱহৃত এখন মেজিক (AS 25 CC 5392) বাহন৷ চুৰি কাৰ্যত জড়িত চোৰ কেইজন ক্ৰমে হৈছে মনোজ কুমাৰ দাস, মেৰাজুল হুছেইন, আকাশ কলিতা, জয় কুমাৰ নমঃ শৰ্মা, দ্বীপ শৰণীয়া, মানৱ দাস আৰু প্ৰদীপ স্বৰ্গীয়াৰী । ইতিমধ্যে বৃহস্পতিবাৰে আটকাধীন চোৰ কেইজনৰ বিৰুদ্ধে তামুলপুৰ থানাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ।
তামুলপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য, আটক সাতটা চোৰ - বাইক চোৰ
বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতাৰ নেতৃত্বত যোৱা নিশা অভিযান চলাই উৎখাত কৰে এটা বৃহৎ বাইক চোৰ চক্ৰ ৷

তামুলপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য, আটক সাতটা চোৰ
তামুলপুৰৰ আৰক্ষীৰ বৃহৎ সাফল্য, আটক সাতটা চোৰ
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা তামুলপুৰ থানাৰ অন্তৰ্গত ভিন্ন প্ৰান্তত মটৰ চাইকেল চুৰি কাৰ্যৰ ঘটনা ক্ৰমশঃ বৃদ্ধি পাই আহিছিল ৷ এক গোপন সূত্ৰৰ পম খেদিয়ে আৰক্ষীয়ে চুৰি মটৰ চাইকেল সহ সাতটাকৈ চোৰক আটক কৰিবলৈ সক্ষম হয় । বৰ্তমানো তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷