বাক্সা,7 ফেব্ৰুৱাৰীঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ সমীপৰ গাছবাৰী গড়কাত পালন কৰা হয় ৬৮ সংখ্যক শ্ৰীশ্ৰী গোপাল উৎসৱ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ ৷ ঐক্য,শান্তি,সম্প্ৰীতি আৰু পৰম্পৰা অটুট ৰাখি গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই উৎসৱে চলিত বৰ্ষত ৬৮ বছৰ অতিক্ৰম কৰে ৷ উৎসৱস্থলীত সমবেত তিনি শতাধিক ভক্তই নিশা প্ৰজ্বলন কৰে আৰিয়া ৷ উৎসৱ উপলক্ষে প্ৰথম দিনৰ পৰাই ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটা পৰিলক্ষিত হয়। বিশ্বাস অনুসৰি উৎসৱৰ প্ৰথম নিশা আৰিয়া প্ৰজ্বলন কৰিলে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয় ৷ আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে দিনৰ ভাগত উৎসৱস্থলীত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে ।
গোৰেশ্বৰত পালন 68 সংখ্যক গোপাল উৎসৱ - গাছবাৰী গড়কা
গোৰেশ্বৰ ৰাজহ চক্ৰৰ সমীপৰ গাছবাৰী গড়কাত পালন কৰা হয় ৬৮ সংখ্যক শ্ৰীশ্ৰী গোপাল উৎসৱ। বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই উৎসৱ ৷ ঐক্য,শান্তি,সম্প্ৰীতি আৰু পৰম্পৰা অটুট ৰাখি গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই উৎসৱে চলিত বৰ্ষত ৬৮ বছৰ অতিক্ৰম কৰে ৷
গোপাল উৎসৱ