অসম

assam

By

Published : Oct 7, 2020, 9:32 PM IST

ETV Bharat / state

কুমাৰীকাটাত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি

কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত পালন কৰা হয় ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ বুধবাৰে সফল সামৰণি পৰে 1অক্টোবৰৰ পৰা চলি থকা এই অনুষ্ঠানৰ ৷ সভাৰ শেষত কুমাৰীকাটা বনাঞ্চল কাৰ্যালয়ৰ বন সংপালক প্ৰণৱ কুমাৰ দাসে অনুষ্ঠানত উপস্থিত হৈ আটাইকে ধন্যবাদ জ্ঞাপন কৰে ৷

কুমাৰীকাটাত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি
কুমাৰীকাটাত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি

বাক্সা, 7 অক্টোবৰ : বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত পালন কৰা হয় ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহ ৷ বুধবাৰে সফল সামৰণি পৰে 1অক্টোবৰৰ পৰা চলি থকা এই অনুষ্ঠানৰ ৷

কুমাৰীকাটাত ৬৬ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সফল সামৰণি

এই অনুষ্ঠানত কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বন্যপ্ৰাণী সপ্তাহৰ স’তে সংগতি ৰাখি এখনি ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ ইয়াৰ পাচতেই প্ৰকৃতি সংগঠনৰ কৰ্মী মাধৱ চেত্ৰীৰ পৰিচালনাত এখন সভা অনুষ্ঠিত কৰা হয়৷ সভাখনত বন বিভাগৰ অৱসৰপ্ৰাপ্ত উপ - সঞ্চালক ধৰনীধৰ বড়ো মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্যপ্ৰাণী সপ্তাহৰ তাৎপৰ্য ব্যক্ত কৰাৰ লগতে প্ৰকৃতি সংৰক্ষণ,হাতী-মানুহৰ সংঘাত আদিৰ ওপৰতো বক্তব্য ৰাখে ৷

সভাত তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ বন সংপালক নগেন ঠাকুৰীয়াই বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত ছাত্ৰ-ছাত্ৰীৰ উপকাৰ হোৱাকৈ বক্তব্য ৰাখে ৷ ইফালে সভাৰ শেষত কুমাৰীকাটা বনাঞ্চল কাৰ্যালয়ৰ বন সংপালক প্ৰণৱ কুমাৰ দাসে অনুষ্ঠানত উপস্থিত হৈ আটাইকে ধন্যবাদ জ্ঞাপন কৰে৷ সভাত উপস্থিত থাকে এছ এছ বিৰ ৬৪ নং বেটেলিয়নসহ কমাণ্ডাৰ প্ৰভাকৰ মদন মোহন ভাট কুমাৰীকাটা শংকৰদেৱ শিশু নিকেতনৰ উপ-প্ৰধান আচাৰ্য কমল বায়ন আচাৰ্য-আচাৰ্য,স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মী জীৱন চক্ৰৱৰ্ত্তী,ৰাকেশ মণ্ডল,তামুলপুৰৰ উপ-বন সংপালক ফুকন ডেকা কুমাৰীকাটা বনাঞ্চলিক কাৰ্যলয়ৰ বন পালক ধীৰেন বড়ো,মৃদুল ডেকাকে ধৰি বন পালক,বন বিষয়া কৰ্মচাৰীসকল ৷

লগতে পঢ়ক :SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড মুখ্যমন্ত্ৰী সোণোৱাল: হুছেইন মোহম্মদ শ্বাহজাহান

ABOUT THE AUTHOR

...view details