অসম

assam

বড়ো সাহিত্য সভাৰ সফল সামৰণি

By

Published : Apr 11, 2021, 11:01 PM IST

বাক্সাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১০-১১ এপ্ৰিলত দুদিনীয়াকৈ ৬০ তম বড়ো সাহিত্য সভা অনুষ্ঠিত হৈ যায় ৷ ১১ এপ্ৰিলত দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা মুকলি অধিৱেশনৰ দ্বাৰ উন্মোচন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বটাপ্ৰাপ্ত ড° মংগল সিং হাজোৱাৰী ৷

60th boro sahittya sabha
বাক্সা জিলাৰ তামুলপুৰত ৬০ তম বড়ো সাহিত্য সভাৰ সফল সামৰণি

বাক্সা,১১ এপ্ৰিলঃ বাক্সা জিলাৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ১০ আৰু ১১ এপ্ৰিল তাৰিখে দুদিনীয়াকৈ ৬০ তম বড়ো সাহিত্য সভা অনুষ্ঠিত হৈ যায় ৷ ১১ এপ্ৰিল তাৰিখে দিনৰ ১২ বজাত অনুষ্ঠিত হোৱা মুকলি অধিবেশন মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৱে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী বটাপ্ৰাপ্ত ড° মংগলসিং হাজোৱাৰীয়ে ৷ তেওঁ ভাষণত কয় যে বড়ো ভাষা প্ৰসাৰৰ ক্ষেত্ৰত আমি সকলোৱে চেষ্টা কৰিব লাগিব ৷ বড়ো মাধ্যমৰ লেখক লেখিকাক উৎসাহিত কৰিব লাগিব, বিশেষকৈ বিটিআৰ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভুমিকা লব পাৰে বুলিও কয় হাজোৱাৰীয়ে ৷

বাক্সা জিলাৰ তামুলপুৰত ৬০ তম বড়ো সাহিত্য সভাৰ সফল সামৰণি

সভাত উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বড়ো ভাষাই এটা ইতিহাস ৷ বিভিন্ন ৰাষ্ট্ৰই বড়ো ভাষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে বুলিও কয় ৷ অকল বড়ো ভাষা বুলিয়েই নহয় বিভিন্ন ঠাইত স্থানীয় ভাষাৰে সজাগ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ভুমিকা হাতত লৈছে ৷ ইয়াৰ পুৰ্বে ৰাতিপুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি তৰেণ বড়োৱে ৷ ইয়াৰ পিছতেই বড়ো সাহিত্য সভাৰ লগত জড়িত নবীন লেখক তথা ৬০ বছৰৰ উৰ্ধৰ লোকক সকলক সাহিত্য সভাৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয় ৷

বাক্সা জিলাৰ তামুলপুৰত ৬০ তম বড়ো সাহিত্য সভাৰ সফল সামৰণি

লগতে পঢ়ক :মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র সাংসদ অজিত কুমাৰ ভূঞাৰ

ABOUT THE AUTHOR

...view details