বাক্সা,১১ এপ্ৰিল:বাক্সাৰ তামুলপুৰত ৬০ সংখ্যক বড়ো সাহিত্য সভাৰ মুকলি অধিৱেশন উন্মোচন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৷ বড়ো সাহিত্য সভা বড়ো জাতিৰ এটা জাতীয় সংগঠন । বড়ো সাহিত্য সভাই বড়ো জাতিক বিগত ৬০ বছৰে নেতৃত্ব দি আহিছে । বড়ো সাহিত্য সভা বড়োসকলৰ অভিভাৱক স্বৰূপ । বড়ো সাহিত্য সভাৰ যি ভূমিকা, সেয়া জাতিটোৰ বাবে সদায় স্মৰণীয় ।
বড়ো জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা আৰু আগুৱাই যাওঁক বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান গৰাকীয়ে । কাৰাবন্দী এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীসহ অন্য নেতাসকলৰ মুক্তিৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে, বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে ৰঞ্জন দৈমাৰীক মুকলি কৰি দিয়াৰ লগতে অন্যান্যসকলক সাধাৰণ ক্ষমাদান কৰিব লাগে ।