তামুলপুৰ, 12 জুন: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ গোৰেশ্বৰত পুনৰ 6 জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ অৱস্থিতি ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত শুক্লাইস্থিত যোগেন বসুমতাৰী মেমৰিয়েল চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল লোক কেইজন।
গোৰেশ্বৰত পুনৰ 6 জনৰ দেহত কোভিড-19 ৰ অৱস্থিতি
তামুলপুৰ মহকুমাৰ অন্তৰ্গত শুক্লাইস্থিত যোগেন বসুমতাৰী মেমৰিয়েল চিকিৎসালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল লোক কেইজন।
গোৰেশ্বৰত পুনৰ 6 জনৰ দেহত কোভিড-19 ৰ অৱস্থিতি
উল্লেখ্য যে, যোৱা 10 জুনত কোভিড-19 ত আক্ৰান্ত বুলি চিণাক্ত হোৱা খুন বসুমতাৰীৰ সংস্পৰ্শলৈ আহিছিল লোক কেইজন ৷ ইয়াৰ লগে লগে গোৰেশ্বৰত 8 জনলৈ বৃদ্ধি পালে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ আজি কোভিড-19 ত আক্ৰান্ত বুলি চিণাক্ত হোৱা লোক কেইজন হৈছে দ্বীপজ্যোতি শৰণীয়া, পূৰ্ণ বড়ো, নিদম বড়ো, বিমো বড়ো, সমিন বড়ো আৰু দিলিপ নেওপানী।
লগতে পঢ়কঃ যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল