অসম

assam

ETV Bharat / state

দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব: ঘনশ্যাম দাস - বিপিএফ

বাক্সাৰ মুছলপুৰত ৫২ খনকৈ পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ উপস্থিতিত কৃষক সকলৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷

52 power tiler distribution At Baksha
দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব:ঘনশ্যাম দাস

By

Published : Jun 30, 2021, 1:27 PM IST

বাক্সা, 30 জুন : কৃষক ৰাইজক সকাহ দিয়াৰ উদ্যেশ্য "ৰাজ্যিক নিজস্ব অগ্ৰাধিকাৰ" আঁচনিৰ অধীনত আজি বাক্সা জিলা (Baksha District) মুছলপুৰত 52 খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷ কৃষি বিভাগৰ কাৰ্যবাহী অভিযান্তা অমল দত্তই আঁত ধৰা পাৱাৰটিলাৰ বিতৰণ অনুষ্ঠানত বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে (Ghanashyam Das) অংশগ্ৰহণ কৰে ৷ কৃষক সকলে বছৰত তিনিটা খেতি কৰি যাতে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে কৃষক সকলৰ উপযোগী হোৱাকৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ৷

ইয়াৰ অংশ হিচাপে জিলাখনৰ উদ্যমি কৃষক সকলৰ মাজত পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে ৷ বিগত দিনত বিপিএফ ( BPF) চৰকাৰৰ শাসন কালত মৰ প্ৰকৃত কৃষক সকলে তেওঁলোকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে বুলি বিপিএফক সমালোচনা কৰে ঘনশ্যাম দাসে ৷ ইয়াৰ বিপৰীতে কিন্তু প্ৰমোদ বড়ো (Pramod Boro) ৰ নেতৃত্বাধীন চৰকাৰখনে পূৰ্বৰ বিপিএফ (BPF) চৰকাৰৰ দিনত যি ধৰণে দুৰ্নীতিক প্ৰশ্ৰয় দিছিল সেয়া কোনো কাৰণতে দিয়া নহ'ব বুলি মন্তব্য কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব:ঘনশ্যাম দাস

কাৰ্যবাহী সদস্য গৰাকীয়ে "কৃষক সম্মান নিধি আঁচনি"ত বিগত সময়ত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰি ইয়াৰ বিৰুদ্ধে অনাগত দিনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া মৃগেন স্বৰ্গীয়াৰী, জেষ্ঠ কৃষি মহকুমা বিষয়া দুলাল দাস, মুনিন শৰ্মা, কাৰ্য্যবাহী অভিযন্তা অমল শৰ্মা প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ সমান্তৰালকৈ বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাতো ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে (Jogen Mahan) গ্ৰহণ কৰিছে এটা বিশেষ ব্যৱস্থা । ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্থ কৃষক সকলক সহায় কৰিবৰ বাবে কঠিয়া যোগান ধৰা ব্যৱস্থা কৰিছে ৷

সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত 27 জুন দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী যোগেন মহনে ৷

লগতে পঢ়ক-গুৱাহাটীৰ জাৱৰ নলয় চন্দ্ৰপুৰবাসীয়ে

ABOUT THE AUTHOR

...view details