বাক্সা, 20 জুন : সমগ্ৰ অসমতে সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০ জুনৰ দিনটো 'ৰাভা দিৱস' হিচাপে পালন কৰা হয় । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ অন্তৰ্গত দিঘেলী গাৱঁতো দেওবাৰে শিল্পী গৰাকীৰ ৫২ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ৷ পুৱা ৯ বজাত বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বালন কৰে দিঘেলী এম.ই. স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক দেৰাজুদ্দিন আহমেদে আৰু মাল্যাৰ্পন কৰে দিঘেলী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ দাসে ৷
দিঘেলীত বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ তম মৃত্যু বাৰ্ষিকী উদযাপন - বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ তম মৃত্যু বাৰ্ষিকী
বাক্সা জিলা অন্তৰ্গত দিঘেলী গাৱঁত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ সংখ্যক মৃত্যু বাৰ্ষিকী উদযাপন ৷ ৰাভাৰ প্ৰতিমুৰ্তিত বন্তি প্ৰজ্বলন কৰে দিঘেলী এম.ই. স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক দেৰাজুদ্দিন আহমেদে আৰু মাল্যাৰ্পন কৰে দিঘেলী হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ দাসে ৷
![দিঘেলীত বিষ্ণু প্ৰসাদ ৰাভাৰ ৫২ তম মৃত্যু বাৰ্ষিকী উদযাপন 52-nd-death-anniversary-of-bishnu-prashad-rabha-celebrations-at-digheli](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12199295-thumbnail-3x2-img.jpg)
বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত দেৰাজুদ্দিন আহমেদে কয় যে, বিষ্ণু ৰাভাই দিঘেলীত থাকি দুখীয়া নিচলাৰ সম অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিল ৷ বিষ্ণু ৰাভাদেৱে দুখীয়া জনতাৰ কাৰণে যুঁজি বহু লাঞ্ছিত হ'ব লগীয়া হৈছিল বুলিও তেওঁ মন্তব্য কৰে ৷ মাল্যাৰ্পন কৰি দিয়া ভাষণত হৰেন্দ্ৰ নাথ দাসে কয় যে, নিৰ্যাতিত দলিত শ্ৰেণীক মুক্তিৰ কাৰণে বিষ্ণু ৰাভাই আজীৱন সংগ্ৰাম কৰিছিল ৷ তেওঁ শ্ৰেণীহীন সমাজ গঢ়াৰ সংকল্প লৈছিল ৷ মাল্যাৰ্পন অনুষ্ঠানত উপস্থিত থাকে অভিমন্যু বড়ো, গিৰিণ বড়ো, কমলেশ্বৰ দাস বড়ো, জিতেন বড়ো, দেবানন বড়োৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তিয়ে ৷
লগতে পঢ়ক : ক'ল ইণ্ডিয়া কৰ্তৃপক্ষৰে মিলিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা