বাক্সা,14 জানুৱাৰী: আজি হেপাহৰ ভোগালী বিহু ৷ ভোগালীৰ বিহুৰ দিনটোতে বাক্সা জিলাৰ কুজিদেৱৰ গাঁৱত জ্বলিল এটা 50 ফুট ওখকৈ নিৰ্মাণ কৰি উলিওৱা মেজি ৷ কুজিদেৱৰ মিলন সংঘৰ উদ্যোগত আৰু ৰংমন ক্লাৱৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হৈছিল এই মেজিটো ৷ বৃহস্পতিবাৰে পুৱাই পৰম্পৰাগত ৰীতি নীতিৰে মেজিত জুই দি উদযাপন কৰা হয় অসমৰ বাপতি সাহোন ভোগালী বিহু ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ দৰে এইবাৰো কুজিদেৱৰ মিলন সংঘই খেতি কৰা প্ৰায় 12 বিঘা মাটিৰ ধান খেতিৰ খেৰেৰে কুজিদেৱৰ ৰংমন ক্লাৱৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা হৈছিল এই বিশেষ মেজিটো ৷
বাক্সাৰ কুজিদেৱৰত 50 ফুট ওখ মেজি জ্বলাই ভোগালী বিহু উদযাপন - 50 feet meji at kujidewr of Baksa
বিগত বৰ্ষৰ দৰে এইবাৰো কুজিদেৱৰ মিলন সংঘই খেতি কৰা প্ৰায় 12 বিঘা মাটিৰ ধান খেতিৰ খেৰেৰে কুজিদেৱৰ ৰংমন ক্লাৱৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা হৈছিল এই বিশেষ মেজিটো ৷
বৃহস্পতিবাৰে পুৱা সম্পূর্ণ পৰম্পৰাগত ৰীতি নীতি আৰু এক আৰম্ভপূৰ্ণ অনুষ্ঠানেৰে মেজিত জুই দি অগ্নি দেৱতাক সেৱা লোৱা হয় ৷ পুৱা প্ৰথমে ঈশ্বৰৰ চৰণত এখন শৰাই আগবঢ়াই সমাজৰ পৰা অপায় অমংগল দূৰ কৰি শান্তি সম্প্ৰীতি স্থাপনৰ কামনা কৰি সেৱা লোৱাৰ পাছত গাঁৱখনৰ শিক্ষক অমূল্য পাঠক,সমাজকৰ্মী অজিত দাস আৰু কুজিদেওঁৰ মিলন সংঘৰ সভাপতি মুৰাৰী দাসে আনুষ্ঠানিক ভাবে মেজিত জুই দিয়ে ৷ মেজিত জুই দি গাঁৱৰ ল'ৰা-ডেকা-বুঢ়া সকলোৱে মেজিৰ উম লৈ ভোগালী বিহু উদযাপন কৰে ৷ অনুষ্ঠানত গাঁৱৰ জ্যেষ্ঠ লোক তথা অৱসৰ প্ৰাপ্ত শিক্ষক নৰেশ্বৰ দাস,কুজিদেৱৰৰ ৰংমন ক্লাৱৰ সভাপতি সঞ্জয় দাস,পৰমা দাসকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃবিশ্বনাথত বন বিভাগৰ কাৰ্যালয়ত অগ্নিসংযোগ স্থানীয় ৰাইজৰ