অসম

assam

ETV Bharat / state

7 জানুৱাৰীৰ পৰা দৈজিং উৎসৱঃ পূৰ্ৱৰ তুলনাত তিনিগুণ বৃহৎ আকাৰে এইবাৰৰ দৈজিং উৎসৱ

অহা 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ 12 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব দৈজিং উৎসৱ ৷ ইতিমধ্য এই উৎসৱ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্টপোষক হিচাবে লৈ চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰক সভাপতি, পানীৰাম ব্ৰহ্মক কাৰ্যকৰী সভাপতি অশোক ব্ৰহ্মক সাধাৰণ সম্পাদক হিচাপে লৈ এক শক্তিশালী কমিটী গঠন কৰা হৈছে ৷ সকলো জাতী-জনগোষ্ঠী তথা দল সংগঠনক সাঙুৰি লৈ ২২ টা বিভিন্ন বিভাগৰ উপসমিতি লৈ এক পুৰ্ণাঙ্গ সমিতি গঠন কৰি পূৰ্ণ গতিত ৪ৰ্থ দৈজিং উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷

৪ৰ্থ সংখ্যক দৈজিং উৎসৱ উপলক্ষে অসম পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সংবাদমেল

By

Published : Oct 25, 2019, 8:41 AM IST

Updated : Oct 25, 2019, 11:50 AM IST

চিৰাং, 25 অক্টোবৰঃ চিৰাঙত ৪ৰ্থ সংখ্যক দৈজিং উৎসৱ উপলক্ষে অসম পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সংবাদমেল ৷ চিৰাং জিলাৰ ৰৌমাৰীৰ খাগ্ৰাবাৰী তুলসিঝোৰাৰ আই নদীৰ বালিচৰত অনুষ্ঠিত হ’বলগীয়া এই উৎসৱৰ বাবে অসম পৰ্যটন বিভাগে যোৱা বছৰেই অনুমোদন প্ৰদান কৰিছে ৷ সেই অনুসৰিয়ে প্ৰতি বছৰৰ দৰে এইবেলিও অহা 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ 12 দিনীয়া কাৰ্যসূচিৰে অনুষ্ঠিত হ’ব দৈজিং উৎসৱ ৷ ইতিমধ্য এই উৎসৱ উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্টপোষক হিচাবে লৈ চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰক সভাপতি, পানীৰাম ব্ৰহ্মক কাৰ্য্যকৰী সভাপতি অশোক ব্ৰহ্মক সাধাৰন সম্পাদক হিচাপে লৈ এক শক্তিশালী কমিটী গঠন কৰা হৈছে ৷ সকলো জাতী-জনগোষ্ঠী তথা দল সংগঠনক সাঙুৰি লৈ ২২ টা বিভিন্ন বিভাগৰ উপসমিতি লৈ এক পুৰ্ণাঙ্গ সমিতি গঠন কৰি পুৰ্ণ গতিত ৪ৰ্থ দৈজিং উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে ৷

অসম পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সংবাদমেল

সোমবাৰে আই নদীৰ বালি চৰ তথা হাগ্ৰামা ব্ৰিজৰ ওচৰত দৈজিং উৎসৱ স্থলীত আয়োজক সমিতিৰ এক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত চিৰাং জিলা প্ৰশাসনৰ সকলো বিভাগৰ বৰমুৰীয়া সকলৰ লগতে আৰক্ষী অধীক্ষক আৰু অসম তথা বিটিচি পৰ্যটনৰ বিষয়ববীয়া, জিলাখনৰ সকলো দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকি আগন্তক দৈজিং উৎসৱৰ কাৰ্যপ্ৰনালী প্ৰস্তুত কৰে ৷ এই সভাৰ পিছতে মন্ত্ৰী চন্দন ব্ৰহ্মই এক সংবাদ মেলৰ যোগেদি সংবাদ মাধ্যমক দৈজিং উৎসৱ সম্পৰ্কে বিতং ভাৱে অৱগত কৰে ৷ তেখেত লগতে উল্লেখ কৰে যে, দৈজিং স্থলীৰ পৰা মাত্ৰ ১৩ কি:মি: উত্তৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন চিৰাঙৰ পানবাৰী আৰু কুকলুং বনাঞ্চলৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পৰাকৈ থাকিব হেলিকপ্টাৰ,হাতী ছাফাৰী তথা জিপ ছাফাৰীৰ ব্যৱস্থা ৷ নিৰাপত্তাৰ দিশত অসম চৰকাৰে অন্য জিলাৰ পৰা নিৰাপত্তাৰক্ষী আনি মোতায়েন কৰিব ৷ যোৱা বছৰৰ তুলনাত তিনিগুন বৃহৎ আকাৰে এইবাৰ দৈজিং উৎসৱ আয়োজন কৰিব । ইয়াত স্বচ্ছতাৰ দিশত গুৰুত্ব প্ৰদান কৰি প্লাষ্টিক বৰ্জনৰ ব্যৱস্থা কৰা হ'ব বুলিও জনায় মন্ত্ৰীজনে ।

আনহাতে, দৈজিং উৎসৱ উপলক্ষে ছাপাগুৰিৰ পৰা দৈজিং স্থলিলৈ যোৱা পথ, বেংতল গেটৰ পৰা ভিৰান গাঁও হৈ দৈজিং যোৱা পথ আৰু বিজনীৰ পৰা বড়োবাজাৰ-ভৱানীপুৰ হৈ দৈজিং যোৱা পথচোৱাও নতুন ৰূপত সজাই তোলাৰ লগতে দৈজিং স্থলীত যাতে পুৰ্বৰ দৰে মোবাইলৰ নেটৱৰ্কৰ অসুবিধা নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব বুলি জনায় জিলা উপায়ুক্ত তথা দৈজিং উৎসৱ উদযাপন সমিতিৰ সভাপতি গৌতম তালুকদাৰে ।

Last Updated : Oct 25, 2019, 11:50 AM IST

ABOUT THE AUTHOR

...view details