বাক্সা, 13 জুন : দেশৰ লগতে অসমতো কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বাক্সাৰ গোৰেশ্বৰতো প্ৰতিদিনে বাঢ়িছে কৰ'ণা ৰোগীৰ সংখ্যা ৷ শনিবাৰে 4 জনৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷
সম্প্ৰতি গোৰেশ্বৰত 12 জনলৈ বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আজি কৰ'ণাত আক্ৰান্তসকল হৈছে ক্ৰমে মহৰিপাৰা আলেকজাৰিৰ ধনজিৎ দাস (24) আৰু ৰঞ্জিত দাস (25) আৰু নিজ বেতনা বামুনখাটৰ গকুল বড়ো (21) আৰু দাহাল বড়ো (23) ৷ তেওঁলোক মুম্বাইত কৰ্মৰত আছিল ৷