বাক্সা,16 মেঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পশ্চিম পাটকীজুলিত জল সংকট । পাহাৰপুৰৰ পাগলাদিয়া নদীৰ দাঁতিৰ নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰা লোকসকলে বছৰ বছৰ ধৰি তীব্ৰ জল সংকটৰ সন্মুখীন হৈ আহিছে । কিন্তু এইক্ষেত্ৰত কোনো কাণসাৰ নাই চৰকাৰ তথা জন প্ৰতিনিধিৰ ।
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত জল সংকটত ৩৭ টা পৰিয়াল - পাটকীজুলি
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পশ্চিম পাটকীজুলিত ৩৭ টা আদিবাসী চানতালী পৰিয়ালে বসবাস কৰে । বছৰ বছৰ ধৰি অঞ্চলটোৰ ৩৭ টা আদিবাসী চানতালী পৰিয়ালে তীব্ৰ জল সংকটৰ সন্মুখীন হৈ আহিছে ।
![বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত জল সংকটত ৩৭ টা পৰিয়াল 37 families from Baksa Patkijuli are facing water crisis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7226964-thumbnail-3x2-b.jpg)
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত জল সংকটত ৩৭ টা পৰিয়াল
বাক্সা জিলাৰ পশ্চিম পাটকীজুলিত জল সংকট
উল্লেখ্য যে, এই অঞ্চলটোত ৩৭ টা আদিবাসী চানতালী পৰিয়ালে বসবাস কৰে । দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল কেইটাই শিল ভাঙি জীৱিকা নিৰ্বাহ কৰে । কিন্তু কোনোটো পৰিয়ালেই আজিপৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য তথা ৰেচন কাৰ্ড । অৱশেষত উপায়ন্তৰ হৈ দুৰ্ভগীয়া এই পৰিয়ালকেইটাই সংবাদ মাধ্যমৰ জৰিয়তে অতিশীঘ্ৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক আহ্বান জনাইছে ।
লগতে পঢ়ক-বিত্তমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছত কিমান আশাবাদী গো-পালক সকল?