বাক্সা, ১২ জুন : ‘‘বড়োসকলে সময়ে সময়ে প্ৰাপ্য তথা অধিকাৰৰ বাবে আন্দোলন কৰি আহিছে । যাৰ উদাহৰণ হ’ল সুজিত নাৰ্জাৰী ৷ সুজিত নাৰ্জাৰী হৈছে বড়োলেণ্ড আন্দোলনৰ প্ৰথম শ্বহীদ (First Martyr of Bodoland Movement)’’ । শ্বহীদ সুজিত নাৰ্জাৰীৰ ৩৫ সংখ্যক মৃত্যু দিৱস উপলক্ষে দেওবাৰে বাক্সা জিলাৰ অদালবাৰীৰ কলাগুৰু বিষ্ণু ৰাভা খেলপথাৰত আয়োজন কৰা এক সভাত এই মন্তব্য কৰে বাক্সা জিলাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে ৷
বাক্সা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘এই বড়োলেণ্ড আন্দোলনৰ বাবেই বিএচি, বিটিচি আৰু বিটিআৰ চুক্তি চাক্ষৰ হয় । এই চুক্তি অনুসৰি চৰকাৰে যদি বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু সুৰক্ষাৰ দায়িত্ব নলয়, তেতিয়া হ'লে আগন্তুক দিনত আকৌ আন্দোলন হ'ব’’ (Bodoland Movement in Assam)।
সেয়ে বিটিআৰৰ চুক্তিৰ প্ৰতিটো দফা পুৰণ কৰাৰ কাৰণে এই অনুষ্ঠানৰ পৰাই চৰকাৰৰ ওচৰত দাবী জনাই বাক্সাৰ বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰীয়ে ৷