বৰমা, ১২ জানুৱাৰী:"মদাহী ভাষা বহুলকৈ প্ৰচলন কৰক ৷ জনগোষ্ঠীয় ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত জেনেৰেচন গেপ নকৰিব ৷" দেওবাৰে বৰমা ছোৱালী হাইস্কুলৰ পেক্ষাগৃহত সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থাৰ ৩৪ তম প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকি এই মন্তব্য কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ জনগোষ্ঠীসমূহে উন্নয়ন পৰিষদৰ জড়িয়তে চৰকাৰৰ পৰা সুবিধাসমুহ ল'বলৈ আহ্বান জনায় মহিলাৰীয়ে ৷ বিজয় মদাহীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত সদৌ অসম মদাহী সন্মীলনীৰ প্ৰাক্তন সভাপতি প্ৰেমানন্দ মদাহীয়ে জনগোষ্ঠীৰটোৰ ঐতিহ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ বিটিএডিত থকা জনজাতি সুৰক্ষ মঞ্চক সমালোচনা কৰে প্ৰেমানন্দ মদাহীয়ে ৷ জনজাতি সকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিব বুলি বক্তব্য আগঢ়ায় সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সম্পাদক থানেশ্বৰ বড়োৱে ৷
ইয়াৰ পিছতেই স্মৃতিগ্ৰন্থ " আলোন" উন্মোচন কৰা হয় ৷
বৰমাত মদাহী জনগোষ্ঠীৰ ৩৪ তম প্ৰতিষ্ঠা দিৱস উদযাপন - 34th Anniversary celebrating by mohadi janagusthi at Barama
জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে সাংস্কৃতি, সাহিত্য থাকিব লাগে আৰু মদাহী জনগোষ্ঠীৰ আছেঃ হাগ্ৰামা মহিলাৰী জনজাতি সকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগিবঃ থানেশ্বৰ বড়ো
ইয়াৰ পূৰ্বে পুৱা মুখ্য দ্বাৰ মুকলি কৰে সদৌ অসম মদাহী সন্মিলনীৰ প্ৰাক্তন সম্পাদক অতুল মদাহীয়ে ৷ ইয়াৰ পাছতেই মদাহী জনগোষ্ঠী ছাত্ৰসন্থাৰ পতাকা উত্তোলন কৰে সদৌ অসম মদাহী ছাত্ৰ সন্থাৰ সভাপতি বিজয় মদাহীয়ে ৷ ১০ বজাত বৃক্ষ ৰোপন কৰে থানেশ্বৰ বড়ো (সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰাক্তন সম্পাদক) নিৰঞ্জন মদাহী, সাংবাদিক দিলীপ বড়ো, সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থাৰ উপদেষ্টা দিলিপ মদাহীয়ে ৷ ১০.৩০ বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰে বাক্সা জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰনৱ জ্যোতি কলিতাই ৷ দিনৰ ১২ বজাত "মদাহী জনগোষ্ঠীৰ আৰ্থ সামাজিক সমস্যা আৰু ইয়াৰ সমাধান ৷" আলোচনা চক্ৰ সঞ্চালনা কৰে সদৌ অসম মদাহী জনজাতি ছাত্ৰ সন্থাৰ সভাপতি বিজয় মদাহীয়ে ৷