অসম

assam

ETV Bharat / state

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত ছাত্র - 3 Students Attack baksha news

শিক্ষকজনে ভৱিষ্যতে ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ নকৰো বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ৰাইজৰ আগত দিয়া এই প্ৰতিশ্ৰুতি পাহৰি আকৌ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত কেইবাজনো ছাত্র

By

Published : Oct 16, 2019, 3:22 PM IST

বাক্সা, ১৬ অক্টোবৰঃ শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ। ঘটনাৰ স্থান বাক্সাৰ উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয় ৷ প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত হ'ল কেবাজনো ছাত্ৰ।
বাক্সা জিলাৰ মুছলপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ সুৱণখাটা প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক চমেশ্বৰ দৈমাৰীয়ে কেইবাজনো ছাত্ৰক বেতেৰে কোবাই আঘাত কৰে । উক্ত ঘটনাক কেন্দ্ৰ কৰি অভিভাৱক সকল ক্ষুব্ধ হৈ পৰিছে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে। অভিভাৱক সকলে জানিবলৈ দিয়া মতে, মদ-ভাং খাই আহি ছাত্ৰ ছাত্ৰী সকলক প্ৰহাৰ কৰে শিক্ষকগৰাকীয়ে ।

বাক্সাত শিক্ষকৰ প্ৰহাৰত আহত কেইবাজনো ছাত্র


উল্লেখ্য যে, প্ৰধান শিক্ষকজনে পূৰ্বে কেইবাবাৰো ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ কৰি ৰাইজমেলৰ সন্মূখীন হ'বলগীয়া হৈছিল। তাৰোপৰি কেইবাবাৰো আহত ছাত্ৰৰ চিকিৎসা খৰচ পৰ্যন্ত ভৰিবলগীয়া হৈছিল । শিক্ষকজনে ভৱিষ্যতে ছাত্ৰ- ছাত্ৰীক প্ৰহাৰ নকৰো বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ৰাইজৰ আগত দিয়া এই প্ৰতিশ্ৰুতি পাহৰি আকৌ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰি আহত কৰা ঘটনাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

...view details