অসম

assam

ETV Bharat / state

সশস্ত্ৰ সীমা বলৰ উদ্যোগত আত্মহত্যা প্ৰতিৰোধ দিৱস পালন - 24 বাহিনী এছএছবি

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্যতম তথা ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিৰাপত্তাত নিয়োজিত সশস্ত্ৰ সীমা বলৰ উদ্যোগত বাক্সাৰ খৈৰাবাৰীত পালন বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস ৷

সশস্ত্ৰ সীমা বলৰ উদ্যোগত আত্মহত্যা প্ৰতিৰোধ দিৱস পালন
সশস্ত্ৰ সীমা বলৰ উদ্যোগত আত্মহত্যা প্ৰতিৰোধ দিৱস পালন

By

Published : Sep 10, 2020, 4:28 PM IST

বাক্সা, 10 ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বতে 10 ছেপ্টেম্বৰৰ দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে উদযাপন কৰা হয় ৷ আত্মহত্যাৰ দৰে ঘটনা প্ৰতিৰোধ কৰাৰ লগতে মানসিক স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে 2003 চনৰ পৰাই এই দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আত্মহত্যা প্ৰতিৰোধী আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিশ্ব মানসিক স্বাস্থ্য সংস্থাই এই দিনটো আত্মহত্যা প্ৰতিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ৷

সশস্ত্ৰ সীমা বলৰ উদ্যোগত বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উপলক্ষে গছপুলি ৰোপন

এই উপলক্ষে বাক্সা খৈৰাবাৰীৰ ৰজাগড়স্থিত সশস্ত্ৰ সীমা বলৰ উদ্যোগত পালন কৰা হয় বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস ৷ বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস উপলক্ষে বাহিনীটোৰ উদ্যোগত বহুঠাইত গছপুলি ৰোপন কৰা হয় ৷ ৰঙিয়াত মুখ্যালয়স্থিত 24 বাহিনী এছএছবিৰ উদ্যোগত এইদৰে জিলাখনৰ বিভিন্ন স্থানত প্ৰায় 13 হাজাৰ গছ পুলি ৰোপণ কাৰ্য্যসূচী সম্পূৰ্ণ কৰা হয় ৷

জিলাখনৰ বগাজুলি,বিহঙ্গপুৰ,গুৱাবাৰী,কাউলী আৰু ওদালগুৰি জিলাৰ ৰজাগড় আদি ঠাইত বিভিন্ন প্ৰজাতিৰ 1000 জোপা গছ পুলি ৰোপণৰ কাম সফলতাৰে সম্পন্ন কৰিলে । বাহিনীটোৱে ৰজাগড় জনতা প্ৰাথমিক বিদ্যালয়ৰ আৰু নৱজ্যাতি এমই স্কুলত প্ৰাঙ্গনত বিভিন্ন প্ৰজাতিৰ প্ৰায় 1000 জোপা গছ পুলি ৰোপণ কৰে । আজিৰ বৃক্ষ ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি বাহিনীটোৰ ডেপুটি কামাণ্ডেন্ট দীপক চবিতাই কয় যে -আত্মহত্যা হৈছে এটা ব্যাধি,ইয়াক কেতিয়াও প্ৰশ্ৰয় দিব নালাগে আৰু পৰিয়ালৰ লোকেও কেতিয়াও পৰিয়ালৰ সদস্যক বেয়া ব্যৱহাৰ কৰিব নালাগে আৰু আত্মহত্যাৰ বাবে কোনো লোকক বাধ্য কৰাব নালাগে । যদি জীৱন দান দিব বিচাৰে তেতিয়া হ'লে সেনাবাহিনীত যোগদান কৰি দেশৰ হকে প্ৰাণ আহুতি দিবলৈ আহ্বান জনায় ।

সশস্ত্ৰ সীমা বলৰ উদ্যোগত আত্মহত্যা প্ৰতিৰোধ দিৱস পালন

উল্লেখ্য যে, বাহিনীটোৱে আজিৰ দিনটোত বিভিন্ন প্ৰান্তত আত্মহত্যা প্ৰতিৰোধ দিৱস পালনৰ লগত সংগতি ৰাখি গছ পুলি ৰোপণ কৰাৰ কথা জানিবলৈ দিয়ে । বৃক্ষৰোপণ কাৰ্য্যসূচীত সহযোগ কৰে স্থানীয় environsef নামৰ এটা সংস্থাই ৷

লগতে পঢ়ক :বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য

ABOUT THE AUTHOR

...view details