বাক্সা,28 নৱেম্বৰঃ ‘সম উন্নয়ণ সম বিকাশ’ৰ স্বাৰ্থত একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰৰ ১৬ টা জনগোষ্ঠীয় সংগঠন ৷ শনিবাৰে তামুলপুৰৰ ঘগ্ৰাচ’কৰ বাকৰিত 16 টা জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ এক বিশাল জনসভাৰ আয়োজন কৰে ৷ এই সভাতেই অনাগত দিনসমূহত বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে ইউ পি পি এলক ভোট প্ৰদানৰ বাবে আহ্বান জনায় আটাইকেইটা সংগঠনৰ মুৰব্বীয়ে ৷ সভাত ভাষণ প্ৰদান কৰি নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োৱে কয়, বিটিআৰ চুক্তিয়ে কোনো জনগোষ্ঠীৰে ভূমিৰ অধিকাৰ কাঢ়ি নলয় ৷ এই চুক্তিখনে বিটিআৰত বসবাস কৰা সকলো লোককে ভূমিৰ নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰতহে কাম কৰিব ৷
একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰৰ ১৬ টা জনগোষ্ঠীয় সংগঠন - নিখিল বড়ো ছাত্র সন্থা
শনিবাৰে তামুলপুৰৰ ঘগ্ৰাচ’কৰ বাকৰিত 16 টা জনগোষ্ঠীয় সংগঠনে একত্ৰিত হৈ এক বিশাল জনসভাৰ আয়োজন কৰে ৷ এই সভাতেই অনাগত দিনসমূহত বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে ইউ পি পি এলক ভোট প্ৰদানৰ বাবে আহ্বান জনায় আটাইকেইটা সংগঠনৰ মুৰব্বীয়ে ৷

একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰৰ ১৬ টা জনগোষ্ঠীয় সংগঠন
একেখন মঞ্চতে একত্ৰিত হ’ল বিটিআৰৰ ১৬ টা জনগোষ্ঠীয় সংগঠন
তেখেতে আৰু কয় যে, বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষনত বিভিন্ন ৰাজনৈতিক দলে বিটিআৰৰ চুক্তিৰ অপব্যাখ্যা কৰি আহিছে । বিটিআৰৰ নিৰ্বাচনৰ পৰৱৰ্তী সময়ত সকলো জনগোষ্ঠীৰ ভূমি অধিকাৰ, সম বিকাশ সম উন্নয়নৰ দায়িত্ব এবছুৰ লগতে ১৬ টা জনগোষ্ঠীয় সংগঠনৰ মুৰব্বীয়ে ল’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক-নিৰ্বাচনী প্ৰচাৰৰ মাজতে দাহ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা