অসম

assam

ETV Bharat / state

ষ্টেট বেংকৰ একাউণ্টৰ পৰাই হেৰাল ধন

ষ্টেট বেংক শাখাৰ দায়িত্বহীনতাৰ বাবে তামুলপুৰৰ যুৱক খগেন বৰ্মনৰ ধন শৰাধ

ষ্টেট বেংকৰ একাউণ্টৰ পৰাই হেৰাল ধন

By

Published : Mar 8, 2019, 11:20 PM IST

তামুলপুৰ, 8 মাৰ্চ: বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ ষ্টেট বেংকৰ শাখাৰ বিৰুদ্ধে দায়িত্বহীনতাৰ অভিযোগ উত্থাপন কৰিছে এজন যুৱকে ৷ যুৱকজনৰ একাউণ্টৰ পৰা বেংকৰ পৰাই আন এজন লোকে ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ জানিব পৰামতে খগেন বৰ্মন নামৰ যুৱকজনৰ একাউণ্টৰ পৰা 15 হাজাৰ টকা হঠাতে নাইকিয়া হোৱাত যুৱকজন হতচকিত হৈ পৰে ৷ এই বিষয়ে খগেন বৰ্মনে বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰে যদিও বেংকৰ গাণনিকজনে আন এজনে খগেন বৰ্মন নামৰ লোকে নিজৰ চহীৰে টকা আদায় কৰা বুলি প্ৰকাশ কৰে । এনেদৰে নিজৰ একাউণ্টৰ পৰা আনে ধন লুট কৰাত চেন্নাইত কৰ্মৰত যুৱকজন হতাশ হৈ পৰে যদিও বেংক কৰ্তৃপক্ষৰ পৰা সদুত্তৰ লাভ কৰাত বিফল হয় ৷ ফলত উপায়ন্তৰ হৈ এছ বি আইৰ দৰঙামেলা শাখাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে ভুক্তভোগী খগেন বৰ্মনে ৷

ষ্টেট বেংকৰ একাউণ্টৰ পৰাই হেৰাল ধন

ABOUT THE AUTHOR

...view details