অসম

assam

ETV Bharat / state

শৰীৰত জটিল ৰোগঃ তথাপিও আকাশ চোৱাৰ মন ৰিজুমণিৰ - জটিল ৰোগত আক্ৰান্ত হোৱা ৰিজুমনি

কিডনী সংৰোপনৰ বাবে প্ৰয়োজন ১৫ লাখ টকা

ৰিজুমনি ৰাজবংশী

By

Published : Mar 2, 2019, 10:12 AM IST

বাক্সা জিলাৰ বৰিমাখাৰ এটা দৰিদ্ৰ পৰিয়ালৰ বৰমা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ৰিজুমনি ৰাজবংশী । কিন্তু হঠাত্‍ ৰিজুমনিৰ অভিভাৱক সুৰেণ ৰাজবংশী আৰু উপমা ৰাজবংশীৰ মুৰত যেন সৰগ ভাঙি পৰিল । দুয়োটা কিডনী বিকল হৈ পৰিল ৰিজুমনিৰ । যাৰ বাবে বৰ্তমান এতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন মেধাবী ছাত্ৰীগৰাকী ।

আকাশ চুবলৈ হেপাঁহ ৰখা এগৰাকী মেধাবী ছাত্ৰী

সম্প্ৰতি ঘৰতে থকা ছাত্ৰী গৰাকীক চিকিৎসকে ৰাজ্যৰ বাহিৰলৈ নি কিডনী সংৰোপনৰ উপদেশ দিয়াত হতাশ হৈ পৰিছে দৰিদ্ৰ পৰিয়ালটো ৷ কিয়নো ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব কমেও ১৫ লাখ টকা । সাধাৰণ গেলামালৰ দোকান দি জীৱন নিৰ্বাহ কৰা পিতৃ-মাতৃয়ে এতিয়া জীয়ৰীৰ আশু আৰোগ্য কামনা কৰি বিচাৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ সঁহাৰি । ইতিমধ্যে বৰমা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও ৰিজুমনিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

আহক জটিল ৰোগত আক্ৰান্ত হোৱা ৰিজুমনিক আমিও অলপ সহায় কৰো। আমাৰ অকণমান সহানুভূতিয়ে ৰিজুমনিৰ মুখত বিৰিঙাব আশাৰ হাঁহি ।

BANK OF INDIA
IFSC - BKID0005050
A/C NO - ৫০৫০১০১১০০০১৪৬৯
ফোন নম্বৰ - ৯৬৭৮৭০৮৩৮২

ABOUT THE AUTHOR

...view details