বাক্সা , 19 মাৰ্চ : সন্মুখত নিৰ্বাচন ৷ ৰাইজক আকৰ্ষণৰ চেষ্টা জন প্ৰতিনিধিৰ ৷ কিন্তু এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰিছে ভাৰত-ভূটান সীমান্তৰ ৰাইজে ৷
দৰংগাবাসীৰ সমস্যালৈ দৃষ্টি পৰিবনে জনপ্ৰতিনিধিৰ নৈ-নিজৰাৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰিছে ভাৰত ভূটান সীমান্তৰ ন' মেনছ লেণ্ডৰ দৰংগাবাসীয়ে ৷ আনহাতে বাৰিষা কালত নৈখনৰ পানী বৃদ্ধি পালে বালিচৰত গাঁত খান্দি উলিওৱা পানী টুপিৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয় অঞ্চলবাসীয়ে ৷ বাৰিষা নৈ খনত পানী বৃদ্ধি হ'লে ৰাইজে দুই তিনিদিনলৈ নাপায়খোৱাপানী ৷ গাঁওখনৰ ৰাইজে ভূটানৰ পাহাৰৰ পৰা বৈ অহা নদ-নিজৰাৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে ৷ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি বছৰ বছৰ ধৰি খোৱা পানীৰ বাবে দুৰ্দশা ভোগ কৰি অহাৰ পাচতো অঞ্চলবাসীৰ সমস্যালৈ দৃষ্টি পৰা নাই জনপ্ৰতিনিধিৰ ৷