অসম

assam

ETV Bharat / state

ভূটানৰ প্ৰদূষিত পানীৰ আতংক - বাক্সা

বাক্সাত বিঘাই বিঘাই নষ্ট কৃষিপথাৰ

By

Published : Feb 7, 2019, 4:50 PM IST


বাক্সা,৭ ফেব্ৰুৱাৰী: বাক্সাৰ কৃষক জীৱনলৈ বিপদ মাতিছে
ভূটানৰ প্ৰদূষিত পানীয়ে ৷
বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰৰ তিনিশটা পৰিয়ালৰ জীৱন -জীৱিকালৈ ভাবুকি কঢ়িয়াইছে ভূটানৰ প্ৰদূষিত পানীয়ে ৷


চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ দেওঠানৰ কয়লাখনিৰ পৰা বৈ অহা পানীয়ে প্ৰদূষিত কৰিছে সমগ্ৰ অঞ্চলটোৰ কৃষিভূমি তথা কৃষিভূমিৰ উৰ্বৰা শক্তি ৷ ফলত ছন পৰি ৰৈছে বিঘাই বিঘাই কৃষিপথাৰ ৷ উল্লেখ্য যে, ভূটানৰ দেওঠানৰ কয়লাখনিৰ প্ৰদূষিত পানী সীমান্তৰ পৰা বৈ অহা লেব্ৰা নদীৰে গাঁৱখনত প্ৰৱেশ কৰাত গাঁৱখনৰ কৃষিপথাৰত তেলৰ ডাঠ চামনিৰ সৃষ্টি হোৱাৰ লগতে প্ৰদূষিত হৈছে গাঁৱখনৰ খাল, পুখুৰীৰ পানী ৷ ফলত এটুপি বিশুদ্ধ পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে গাঁৱবাসীয়ে ৷

ABOUT THE AUTHOR

...view details