বাক্সা, ৭ মাৰ্চ: বৃহস্পতিবাৰে দিনৰ ১২ বজাত বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ নাগাপুৰত বিটিচি চৰকাৰ আৰু বন বিভাগৰ উদ্যোগত বনাঞ্চল আইন 2006 ৰ অধীনত অঞ্চলটোত বাস কৰা প্ৰায় ৪৯৯ গৰাকী লোকক বৃহস্পতিবাৰে ভূমিৰ পট্টা প্ৰদান কৰা হয় ।
বিটিচিত বনাঞ্চল আইন 2006 ৰ অধীনত ৪৯৯ জনক ভূমিপট্টা প্ৰদান - বিটিছি
ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানত উপস্থিত মন্ত্ৰী চন্দন ব্ৰহ্ম
ভূমিৰ পট্টা প্ৰদান অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্ম, স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, ২৮ নং গোইবাৰীৰ সমষ্টিৰ ই এম দেবেন বড়ো, ২৮ নং দৰঙাজুলী সমষ্টিৰ এম চি এল এ বিজিৎ গৌৰা নাৰ্জাৰীৰ লগতে উপস্থিত থাকে প্ৰায় দুই সহস্ৰাধিক ৰাইজ ।
অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্মই উল্লেখ কৰে, বনাঞ্চলত বসবাস কৰা লোকসকলক তেওঁলোকৰ প্ৰাপ্য অনুসৰি ভূমিৰ পট্টা প্ৰদান কৰা হয় । সমগ্ৰ বিটিচিতে ২০ হাজাৰতকৈ অধিক লোকক প্ৰদান কৰা হৈছে এই ভূমি পট্টা । আনহাতে, পৰৱৰ্তী পৰ্যায়তো লোকসকলক ভূমিৰ পাট্টা প্ৰদান অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ।