তামুলপুৰ , 17 মাৰ্চ : সমাগত নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে আৰক্ষী প্ৰশাসন ৷ দেওবাৰে আবেলি 3 বজাত আৰক্ষীয়ে এঘৰ মানুহৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷
বাক্সাত বৃহৎ পৰিমাণৰ সুৰা জব্দ - তামুলপুৰ
দীৰ্ঘদিন ধৰি চলাই আহিছিল বিলাসী সুৰাৰ ব্য়ৱসায়
![বাক্সাত বৃহৎ পৰিমাণৰ সুৰা জব্দ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2719106-286-d8ec80f1-0ad2-48d0-b44b-800a50c349bc.jpg)
BAKSHA
বাক্সাত বৃহৎ পৰিমাণৰ সুৰা জব্দ
তথ্য অনুসৰি তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দলংপাৰ গাঁৱৰ পঙ্কজ কলিতাৰ ঘৰত দীৰ্ঘদিন ধৰি অবৈধভাৱে ভূটান আৰু অৰুণাচলৰ বিলাসী সুৰাৰ ব্যৱসায় চলাই আছিল ৷ তামুলপুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া নিপন গগৈ , মনোজ কুমাৰ দাস আৰু কামেশ্বৰ বড়োৰ নেতৃত্বত অভিযান চলাই প্ৰায় তিনি লক্ষাধিক টকাৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আৰক্ষী পঙ্কজ কলিতাৰ ঘৰত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁ পলায়ন কৰিবলৈ সক্ষম হয় ৷