বাক্সা,২৪ফেব্ৰুৱাৰী: বাক্সাৰ গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কুৰিটা ভিচিডিতসংঘটিত হৈছেপ্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ জালিয়াতি। দুৰ্নীতিৰ শূণ্য সহনশীলতাৰ শ্ল'গান আউৰাই থকা বিজিপি চৰকাৰৰ দিনতে এতিয়া দুৰ্নীতিয়ে ভৰিছে চৰকাৰী কাৰ্যালয় ৷ অভিযোগ অনুসৰি গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ অভিযন্তা ফৰমান আলিৰ তত্ত্বাৱধানত থকা নাওকাটা ভিচিডিচিত পিএম এ ৱাই গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ কনিষ্ঠ অভিযন্তা ফৰমান আলি আৰু নাওকাটা ভিচিডিচিৰ প্ৰাক্তন সচিব মনেশ্বৰ বড়োই প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে হিতাধিকাৰীক ৷ ফলত দুটা বছৰেও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহসমূহ ৷
বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দুৰ্নীতি - অভিযন্তা
গোৰেশ্বৰ খণ্ড উন্নয়ন বিষয়া কাৰ্য্যালয়ৰ একাংশ কৰ্মচাৰীৰ কৃপাত দুটা বছৰেও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ
বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মানত দুৰ্নীতি
আনহাতেগৃহৰ ধনসমূহ হিতাধিকাৰীয়ে লাভ কৰে যদিও প্ৰতাৰণা কৰি কাৰ্যালয়টোৰ একাংশ বিষয়াই অৰ্ধনিৰ্মিত গৃহসমূহৰআলোকচিত্ৰতুলি ধন মোকলাই আত্মসাত কৰাৰ অভিযোগ উঠাইছে একৈংস ভুক্তভুগিয়ে ৷ইতিমধ্যে আঁচনিৰ সমুদায় ধন মোকলাই নিয়াত আৰক্ষীৰ ওচৰ চাপিছে ভুক্তভুগি হিতাধিকাৰীসকল ।
দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতিৰ শ্ল'গান দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনে এনে একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষনীয় ৷