অসম

assam

ETV Bharat / sports

Tokyo Olympics: ভেলেৰিয়া ক'বলোভাৰ হাতত পৰাস্ত হ'ল ভাৰতৰ অংশু মালিক

বৃহস্পতিবাৰে টকিঅ' অলিম্পিকত মল্লযুঁজৰ ৰেপেচেজ ৰাউণ্ডত মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত পৰাজয় বৰণ কৰিলে ভাৰতীয় মল্লযোদ্ধা অংশু মালিকে । ৰাছিয়ান অলিম্পিক কমিটীৰ ভেলেৰিয়া ক'বলোভাই পৰাভূত কৰে ভাৰতীয় মল্লযোদ্ধাগৰাকীক ।

By

Published : Aug 5, 2021, 10:52 AM IST

Wrestler Anshu Malik loses to ROC's Valeria Koblova
ভেলেৰিয়া ক'বলোভাই পৰাস্ত কৰিলে ভাৰতৰ অংশু মালিকক

স্পৰ্টছ ডেস্ক, ৪ আগষ্ট: টকিঅ' অলিম্পিকত ৰাছিয়ান অলিম্পিক কমিটীৰ ভেলেৰিয়া ক'বলোভা(Valeria Koblova)ৰ হাতত পৰাজিত হ'ল ভাৰতৰ মল্লযোদ্ধা অংশু মালিক(Anshu Malik) । মল্লযুঁজৰ ৰেপেচেজ ৰাউণ্ডত মহিলাৰ ফ্ৰীষ্টাইলৰ ৫৭ কিলোগ্ৰাম শাখাত যুঁজ দিছিল ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে । আৰম্ভণিতেই অংশু মালিকে কেইবাটাও কাৰিকৰী পইণ্ট হেৰুৱাইছিল । প্ৰথম সময়ছোৱাত প্ৰতিদ্বন্দী ভেলেৰিয়া ক'বলোভাতকৈ পিছ পৰি থাকিবলগীয়া হৈছিল অংশু মালিক ।

ইয়াৰ পূৰ্বে, প্ৰি-কোৱাৰ্টাৰ ফাইনেলত মহিলাৰ ৫৭ কিলোগ্ৰাম শাখাত ইৰিনা কুৰাচকিনাৰ হাতত তেওঁ পৰাস্ত হৈছিল । বেলাৰুছৰ ইৰিনাই প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অংশুক পৰাস্ত কৰিছিল আৰু তেওঁ কোৱাৰ্টাৰ ফাইনেলত ৰাছিয়ান অলিম্পিক কমিটীৰ (আৰঅচি) ভেলেৰিয়া ক'বলোভাৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল । তাৰ পিছত তেওঁ ছেমি ফাইনেলত বুলগেৰিয়াৰ এভেলিনা নিকোলোভাক পৰাস্ত কৰে । ইৰিনাৰ ফাইনেলত প্ৰৱেশে অংশু আৰু ভেলেৰিয়া দুয়োকে ব্ৰঞ্জৰ পদকৰ বাবে ছেমি ফাইনেলত পৰাজিত হোৱা এভেলিনাৰ সৈতে যুঁজ দিয়াৰ সুযোগ দিয়ে ।

অলিম্পিকত মল্লযুঁজ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি, শেষত ফাইনেলিষ্টৰ বিৰুদ্ধে যুঁজ দি পৰাজিত হোৱা খেলুৱৈসকলে ব্ৰঞ্জৰ পদক লাভৰ বাবে ছেমি ফাইনেলত পৰাজিত হোৱা খেলুৱৈৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰে ।

লগতে পঢ়ক:টকিঅ' অলিম্পিক: প্ৰি-কোৱাৰ্টাৰ ফাইনেললৈ ভাৰতৰ Vinesh Phogat

ABOUT THE AUTHOR

...view details