স্পৰ্টচ ডেস্ক, 25 আগষ্ট :টকিঅ’ পেৰালিম্পিকত চীনৰ কিয়ান লীৰ বিপৰীতে গ্ৰুপ Dৰ নিজৰ প্ৰথমখন মেছতে 3-2ৰ ব্যৱধানত পৰাজিত হ’ল ভাৰতীয় টেবুল টেনিছ খেলুৱৈ সোণালবেন মনুভাই পেটেল ৷ মহিলাৰ একক শাখাৰ class 3ৰ এই খেলখন অনুষ্ঠিত হৈছিল টকিঅ’ মেট্ৰ’পলিটান জিমনাজিমৰ টেবুল নং 5ত ৷ বিশ্বৰ চতুৰ্থ স্থানৰ খেলুৱৈ কিয়ান লীয়ে সোণালবেনক 36 মিনিটৰ এই খেলখনত 3-2 ছেটত (9-11, 11-3, 15-17, 11-7, 11-4) পৰাস্ত কৰে ৷
এতিয়া বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া গ্ৰুপ Dৰ নিজৰ দ্বিতীয়খন মেছত কোৰিয়াৰ মি গীউ লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব সোণালবেন মনুভাই পেটেল ৷ বুধবাৰৰ খেলখনৰ প্ৰথম গেমত ভাৰতীয় খেলুৱৈগৰাকীয়ে 9-11 ৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও ইয়াৰ পিছতেই অধিক শক্তিশালী ৰূপত উভতি আহে কিয়ান লী ৷ দ্বিতীয় ছেটত মাত্ৰ পাঁচ মিনটতে লীয়ে 11-3 ত জয়লাভ কৰে ৷