স্পৰ্টছ ডেস্ক, 2 আগষ্ট : টকিঅ’ অলিম্পিকৰ (Tokyo Olympics) ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় মহিলা হকী দলে (Indian Women Hockey Team) ৷ সোমবাৰৰ কোৱাৰ্টৰ ফাইনেলৰ মেছখনত প্ৰৱল প্ৰতাপী অষ্ট্ৰেলিয়াক 1-0 ৰ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মহিলা হকী দলটোৱে ৷ সোমবাৰে টকিঅ’ৰ Oi Hockey Stadiumৰ নৰ্থ পিট্ছত অনুষ্ঠিত হৈছিল খেলখন ৷
খেলখনৰ দ্বিতীয় কোৱাৰ্টাৰত (Second Quarter) গুৰজিৎ কৌৰে গ’ল প্ৰদান কৰি ভৰতীয় দলটোক অগ্ৰগতি দিয়ে ৷ পৰৱৰ্তী দুটা কোৱাৰ্টাৰত কোনো গ’ল দিবলৈ সক্ষম নহয় ভাৰতে ৷ উল্লেখ্য যে, এই পৰ্যন্ত অলিম্পিকত অপ্ৰতিৰোধ্য হৈ আছিল অষ্ট্ৰেলিয়াৰ মহিলা হকী দলটো ৷