স্প’ৰ্টছ ডেস্ক, 4 আগষ্ট : হাজাৰ আশা বুকুত বান্ধি অলিম্পিকত ছেমি ফাইনেলত অৱতীৰ্ণ হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে ব্ৰঞ্জৰ পদক লাভেৰে অলিম্পিক যাত্ৰা সামৰিব লগা হয় ৷ বুধবাৰে টকিঅ’ অলিম্পিক (Tokyo Olympics)ৰ ছেমিফাইনেলত তুৰ্কীৰ বুছেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ হাতত পৰাস্ত হয় অসম কন্যা লাভলীনা বৰগোহাঁই (Lovlina Borgohain) ৷ মহিলা বক্সিঙৰ 69 কেজি শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ (Bronze)ৰ পদকতে থমকি ৰ’ব লগা হ’ল লাভলীনা ৷
বুছেনাজ চুৰমেনেলীয়ে 5-0ৰ ব্যৱধানত পৰাস্ত কৰিলে লাভলীনাক ৷ বিচাৰকসকলে তুৰ্কী বক্সাৰগৰাকীক 10 পইণ্ট দিয়াৰ লগে লগে প্ৰথম ৰাউণ্ডত লাভলীনা চুৰমেনেলীৰ হাতত পৰাজিত হয় ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে দুয়োগৰাকী বক্সাৰে কেতিয়াও ইজনে সিজনৰ মুখামুখি হোৱা নাছিল ৷ বুধবাৰে অনুষ্ঠিত খেলখনতেই দুয়োগৰাকী বক্সাৰ প্ৰথমবাৰৰ বাবে মুখামুখি হয় ৷
23 বছৰীয়া অসম বক্সাৰগৰাকী কিছুদিন পূৰ্বে বিজেন্দৰ সিং (2008) আৰু মেৰী কম (2012)ৰ পাচত পোডিয়াম (Podium) সম্পূৰ্ণ কৰা কেৱল তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হৈছিল । ভাৰতৰ হৈ বক্সিঙত লাভলীনাৰ এয়া প্ৰথমটো অলিম্পিক পদক ৷ লাভলীনাই এতিয়ালৈকে বিশ্ব চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিছে ।