স্পৰ্টছ ডেস্ক, 4 আগষ্ট:টকিঅ' অলিম্পিক(Tokyo Olympics)ত পুৰুষৰ Long Throws Qualification -- Group A ৰ বাবে automatic qualification অৰ্জন কৰাৰ পাচতে ভাৰতীয় Javelin thrower নীৰজ চোপ্ৰাই পুৰুষৰ ফাইনেলৰ বাবে অগ্ৰগতি লাভ কৰিছে ৷ বুধবাৰে প্ৰথমটো প্ৰচেষ্টাতে নীৰজ চোপ্ৰাই পুৰুষৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷
83.50 (Q) বা অতি কমেও 12 শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী(q)ৰ যোগ্যতা অৰ্জনকাৰী প্ৰদৰ্শনে পুৰুষৰ javelin throwৰ ফাইনেললৈ আগবঢ়াই লৈ যাব ৷ অৱশ্যে এই 12টা শ্ৰেষ্ঠ প্ৰদৰ্শন হ'ব গ্ৰুপ A আৰু গ্ৰুপ B ৰ প্ৰতিযোগীসকলৰ এটা গোট ৷ গ্ৰুপ B ৰ qualification ৰাউণ্ড দিনৰ পাচৰ ভাগত অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ গ্ৰুপ A ৰ বাকী throws বোৰো চলি আছে ৷